আমৰ গুটিটো পেলাই নিদিব

1 min read

আমক ফলৰ ৰজা বুলি গণ্য কৰা হয়৷ আম সকলোৰে বাবে এটি প্ৰিয় ফল৷ আমত প্ৰচুৰ পৰিমাণে পুষ্টি গুণ থাকে বুলি সকলোৱে জানি যদিও আমৰ গুটিৰ পৰাও যে অনেক সুফল পাব পাৰি সেই বিষয়েও বেছি ভাগৰে ধাৰণা নাই৷ আমৰ দৰে ইয়াৰ গুটিতো আছে অনেক পুষ্টিকৰ উপাদান৷ সেইবাবে আম খোৱাৰ পাছত গুটিতো পেলাই দিয়াৰ সলনি ভালকৈ ৰাখিব লাগে৷ আমৰ গুটি ৰ’দত ভালদৰে শুকুৱাই গুড়ি কৰি ভালদৰে কোনো পাত্ৰত ৰাখিলে বহুদিনলৈ ইয়াৰ পুষ্টিগুণ অটুত থাকে আৰু এই গুড়ি বিভিন্ন সময়ত ব্যৱহাৰ কৰি অনেক সুফল লাভ কৰিব পাৰি৷ আমৰ গুটিত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, মেগনেছিয়াম, কাৰ্বোহাইড্ৰেড, ফাইবাৰ, বি-৬, বি-১২ থাকে৷ তাৰ উপৰি আমৰ গুটিত প্ৰচুৰ পৰিমাণে খনিজ আৰু এণ্টিঅক্সিডেণ্টৰ উপাদন থাকে৷

⬛আমৰ গুটি শুকাই লৈ গুড়ি কৰি ৰাখি এই গুড়িৰ সৈতে কোনো তেল মিহলাই চুলিত সানিলে উফিৰ সমস্যাৰ পৰা হাত সাৰিব পাৰে৷ একেদৰে কেইবাদিনো কোনে তেলৰ সৈতে ইয়াৰ গুৰি মিহলাই চুলিত সানিলে চুলি সৰা বন্ধ হোৱাৰ উপৰি চুলিৰ উজ্জ্বলতা বৃদ্ধি পায়৷

⬛আমৰ গুড়িৰ সৈতে তেল মিহলাই গাত সানিলেও ছালৰ উজ্জ্বলতা বৃদ্ধি পায়৷

⬛আমৰ গুড়িৰে দাঁতৰ যত্নও ল’ব পাৰি৷ এই গুড়িৰে দাঁত ব্ৰাছ কৰিলে দাঁতৰ উজ্জ্বলতা বৃদ্ধি পায়৷

⬛মৌমাখি বা পৰুৱাই কামুৰিলে আমৰ গুড়িৰে মালিচ কৰিলে বিষৰ পৰা উপশম পাব পাৰি৷

⬛আমৰ গুড়ি পিটিকা কৰি খালেও অনেক সুফল পোৱা যায়৷ বিশেষকৈ উচ্ছ ক’লেষ্টেৰেল, উচ্ছ ৰক্তচাপ, ডাইবেটিছ নিয়ন্ত্ৰণত ই সহায় কৰে৷

⬛যিকোনো পেটৰ অসুখত আক্ৰন্ত হ’লে কুহুমীয়া পানীৰ সৈতে আমৰ গুড়ি মিহলাই খালে উপশম পাব পাৰি৷ সেয়েহে আম খোৱাৰ পাছত গুটিতো দলিয়াই নিদি ৰ’দত শুকুৱাই লৈ গুড়ি কৰি ৰাখিলে অনেক সময়ত ইয়াক ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰি৷

You May Also Like

More From Author