কণী হৃদযন্ত্ৰৰ বাবে ভালনে? গৱেষণাই কি কয়

0 min read

সাধাৰণতে পুৱাৰ আহাৰৰ তালিকাত বহুতে এটাকৈ কণী খোৱাটো পছন্দ কৰে৷ কণীৰ কুহুমত প্ৰচুৰ পৰিমাণে কলেষ্টৰেল থাকে৷ যাৰ বাবে মাত্ৰাধিক কণী খালে কলেষ্টৰেল বৃদ্ধি পাব পাৰে বুলি বহুতেই কণী খোৱাৰ পৰাও বিৰত থাকে৷ বহুতৰে ধাৰণা কণীত থকা কলেষ্টৰেল হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক৷ কিন্তু এই বিষয়ে হোৱা গৱেষণাত প্ৰকাশ পোৱা মতে কণী হৃদযন্ত্ৰৰ বাবে বেছ উপকাৰী৷ ২০১৮ চনত হৃদযন্ত্ৰ বিষয়ক এখন জাৰ্ণেলত প্ৰকাশ পোৱা মতে প্ৰতিদিনেই কমেও এটাকৈ যদি কণী খায় সেইসকলৰ হৃদৰোগৰ আশংকা উল্লেখনীয়ভাৱে হ্ৰাস পায়৷ চীনৰ প্ৰায় অৰ্ধমিলিয়ন প্ৰাপ্তবয়স্কৰ ওপৰত চলোৱা সেই গৱেষণাত এই তথ্য প্ৰকাশ পাইছে৷ এই গৱেষণাত অংশগ্ৰহণকাৰীৰ প্লাজমাৰ নমুনা সংগ্ৰহ কৰা হৈছিল৷ ফলাফলত দেখা গৈছিল যিসকলে নিয়মীয়াকৈ কণী খাইছিল তেওঁলোকৰ তেজত উচ্ছ ঘনত্বৰ লিপপ্ৰ’টিন [এইচডিএল] বৃদ্ধি পাইছিল৷ এই লিপপ্ৰ’টিন ভাল কলেষ্টৰেল৷ লিপপ্ৰ’টিনৰ পৰিমাণ কমিলে হৃদৰোগৰ আশংকা বৃদ্ধি পায়৷ দুটা কণী নিতৌ ছসপ্তাহ ধৰি খালে এইচডিএলৰ পৰিমাণ ১০ শতাংশলৈ উন্নত হোৱাত সহায় কৰে৷ এইচডিএলে ৰক্তনলীত থকা কলেষ্টৰেল পৰিষ্কাৰ কৰাত সহায় কৰে৷ যাৰ বাবে হাৰ্টএটেকৰ পৰা ৰক্ষা পৰে৷ গৱেষকসকলে এই গৱেষণাত ১৪টা বিপাক চিনাক্ত কৰিছিল৷ যিকেইটা হৃদৰোগৰ সৈতে জড়িত আছিল৷ গৱেষণাত এই তথ্য পোহৰলৈ আহিছিল যে যিসকলে কণী কমকৈ খাইছিল তেওঁলোকৰ তেজত নিয়মীয়াকৈ কণী খোৱাসকলৰ তুলনাত উপকাৰী বিপাকৰ মাত্ৰা কম হোৱাৰ বিপৰীতে ক্ষতিকাৰক বিপাকৰ মাত্ৰা উচ্ছ আছিল৷ সেয়েহে এই গৱেষণাৰ পৰা চিকিৎসা বিশেষজ্ঞসকল পতিয়ন যায় যে কণী খোৱাটো স্বাস্থ্যৰ বাবে মুঠেই ক্ষতিকাৰক নহয়৷ বৰং দিনে কমেও এটাকৈ কণী খালে হৃদৰোগৰ সামগ্ৰিক আশংকা হ্ৰাস পায়৷

You May Also Like

More From Author