শাৰীৰিক কাৰ্যকলাপ নকৰিলে আগুৰি ধৰিব পাৰে বিভিন্ন গুৰুতৰ ৰোগে…

1 min read

শাৰীৰিক কাৰ্যকলাপৰ অভাৱে আপুনি মেদবহুলতাৰ বলি হ’ব পাৰে। ইয়াৰ বাবে টাইপ ২ ডায়েবেটিছ, হৃদৰোগকে ধৰি কিছুমান দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। এই আধুনিক যুগত বহি থকা অৱস্থাৰ বাবে আমাৰ জীৱনশৈলীৰ অৱনতি ঘটিছে। ডেস্কত বহি বহু সময় কাম কৰা, পৰ্দাৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টা কাম কৰা ইত্যাদিয়ে আমাক অসুস্থ কৰি তুলিছে।আচলতে মানুহৰ শৰীৰটো লৰচৰ কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে, আৰু যেতিয়া আমি নিয়মীয়া শাৰীৰিক কাৰ্য্যকলাপ নকৰো, ই আমাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। ইয়াত আপোনালোকক দীৰ্ঘদিন ধৰি শাৰীৰিক কাৰ্যকলাপৰ কিছু পাৰ্শ্বক্ৰিয়াৰ কথা কোৱা হব।

হাড়ৰ ঘনত্ব হ্ৰাস- ব্যায়ামৰ অভাৱত হাড়ৰ ঘনত্ব হ্ৰাস পাব পাৰে, যাৰ ফলত হাড়বোৰ অধিক কম জুৰি হৈ পৰে আৰু অষ্টিঅ’পৰ’ছিছৰ সম্ভাৱনা বৃদ্ধি পায়। ওজন বহন কৰা ব্যায়ামে হাড়ৰ বৃদ্ধিত উদ্দীপনা যোগায় আৰু হাড়ৰ ঘনত্ব বজাই ৰখাত সহায় কৰে। এই কাৰ্য্যসমূহৰ অবিহনে হাড়বোৰ দুৰ্বল হৈ পৰে আৰু হাড় ভাঙি যোৱাৰ প্ৰৱণতা থাকে।

পেশী দুৰ্বল হব পাৰে- শাৰীৰিক ক্ৰিয়া-কলাপ নকৰাৰ বাবে আপোনাৰ পেশী দুৰ্বল হব পাৰে।যেতিয়া আপুনি ব্যায়াম নকৰে তেতিয়া আপুনি অতি দুৰ্বল অনুভৱ কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ গতিবিধিৰ ক্ষেত্ৰতো অসুবিধা হ’ব পাৰে। দুৰ্বল পেশীবোৰে আপোনাৰ বাবে দৈনন্দিন কাম-কাজ সম্পন্ন কৰাত অসুবিধাৰ সৃষ্টি কৰিব পাৰে।

ক্লান্তি – যেতিয়া আমি নিয়মিতভাৱে ব্যায়াম কৰো তেতিয়া আমাৰ শৰীৰে নিউৰ’ট্ৰান্সমিটাৰ নিৰ্গত কৰে আৰু তেজৰ সোঁত বৃদ্ধি কৰে, যিয়ে প্ৰাকৃতিক শক্তি বৃদ্ধি কৰাত সহায় কৰে ।ইয়াৰ বিপৰীতে শাৰীৰিক নিষ্ক্ৰিয়তাৰ ফলত শক্তিৰ মাত্ৰা কমি যায়, যাৰ ফলত আমি অধিক ভাগৰুৱা হৈ পৰো।আৰু এলাহ অনুভৱ কৰো।

গাঁঠিৰ বিষ – দীৰ্ঘ সময় বহি থাকিলে ভংগীমা বেয়া আৰু ভাৰসাম্যহীন হ’ব পাৰে।ইয়াৰ ফলত মেৰুদণ্ডত অত্যধিক টান পৰে আৰু কঁকালৰ বিষ, ডিঙিৰ বিষ আৰু অন্যান্য পেশী-কংকালৰ সমস্যাৰ সৃষ্টি হব পাৰে। নিয়মিত চলাচল আৰু ব্যায়ামে মূল পেশীবোৰ শক্তিশালী কৰাত সহায় কৰে আৰু গাঁঠিৰ নমনীয়তা বজাই ৰাখে।

ষ্টেমিনাৰ অভাৱ- ব্যায়াম কৰিলে ভিতৰৰ পৰা শক্তিশালী হয় আৰু ষ্টেমিনা বাঢ়ে।কিন্তু যেতিয়া আপুনি শাৰীৰিকভাৱে নিষ্ক্ৰিয় হৈ থাকে তেতিয়া সৰু সৰু কামবোৰ কৰিবলৈ অসুবিধা পায়। চিৰি বগাই থাকোঁতে উশাহ বন্ধ হৈ পৰে। ইয়াৰ বাহিৰেও যদি আপুনি বেছিকৈ খোজ কাঢ়ে তেন্তে আপুনি ভাগৰি পৰে।

দীৰ্ঘদিনীয়া ৰোগ-শাৰীৰিক কাৰ্যকলাপৰ অভাৱে আপোনাক মেদবহুল কৰি তুলিব পাৰে। ইয়াৰ বাবে টাইপ ২ ডায়েবেটিছ, হৃদৰোগকে ধৰি কিছুমান দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। নিয়মিতভাৱে ব্যায়াম কৰিলে ওজন বজাই ৰখাত সহায় হয়। ৰক্ত সঞ্চালন উন্নত হয় আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়। যাৰ বাবে ৰোগৰ আশংকা কমি যায়।

হৃদৰোগ- এন চি বি আইৰ প্ৰতিবেদন অনুসৰি এৰোবিক আৰু কাৰ্ডিঅ’ ব্যায়াম হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী বুলি বিবেচিত হৈছে। যদি আপুনি একেবাৰেই ব্যায়াম নকৰে, তেন্তে আপোনাৰ হৃদযন্ত্ৰ দুৰ্বল হৈ পৰিব পাৰে, যাৰ বাবে আপোনাৰ হৃদস্পন্দন বাধাগ্ৰস্ত হ’ব পাৰে।

You May Also Like

More From Author