মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

1 min read

গৰম দিনত সকলোৱে ফ্ৰিজৰ পানী খোৱাৰ অভ্যাস আছে আৰু এই অভ্যাসৰ বাবেই, কেতিয়াবা আপুনি সমস্যাৰ সন্মুখীন হ’ব লগা হয়।ফ্ৰিজত থোৱাৰ সলনি অন্য কিবা উপায় আছে নেকি পানী ঠাণ্ডা কৰি খোৱা !অৱশ্যে মাটিৰ পাত্ৰত পানী ৰাখিলে সেইয়া ঠাণ্ডা হয় থাকে লগতে শৰীৰো উপকৃতও হয়।

মাটিৰ পাত্ৰত অসংখ্য আণুবীক্ষণিক ছিদ্ৰ থাকে । এই ছিদ্ৰবোৰৰ মাজেৰে সামান্য পৰিমাণৰ পানী বাহিৰৰ পৃষ্ঠলৈ আহে আৰু বাষ্পীভূত হয়।পানী বাষ্পীভূত হ’লে কিছু তাপ শোষণ কৰে। ফলস্বৰূপে, পাত্ৰটো ঠাণ্ডা হয়।

মাটিৰ পাত্ৰত পানী ৰাখিলে শৰীৰৰ কি লাভ হয় ?

1682415297 kolsi 2

(১) পাচন তন্ত্ৰত খাদ্য হজম কৰাৰ বাবে বহু প্ৰকাৰৰ এচিড উৎপন্ন হয়। মাটিৰ পাত্ৰত পানী ৰাখিলে পানীত ক্ষাৰপদাৰ্থৰ পৰিমাণ বৃদ্ধি হয়। ফলস্বৰূপে, এই পানী খোৱাৰ ফলত পাকস্থলীৰ কিছুমান এচিড হ্ৰাস হয়, যাৰ ফলত এচিড-ক্ষাৰৰ ভাৰসাম্য বজাই থাকে। গ্ৰীষ্মকালত হজম কৰা অসুবিধা হয়, মাটিৰ পাত্ৰত ৰখা পানীৰ সেৱন কৰিলে ভাল হজম হয়।

images 1 2(২) মাটিৰ পাত্ৰত পানী ৰাখিলে পানীত সকলো ধৰণৰ খনিজ মিহলি হয়। ফলস্বৰূপে, শৰীৰত অত্যাৱশ্যকীয় খনিজ পদাৰ্থৰ কোনো অভাৱ নহয়। বিপাকীয় প্ৰক্ৰিয়াও ভাল হয় ।

images 2 2(৩) প্ৰয়োজনীয় কামৰ বাবে বহুলোকে ৰ’দত বাহিৰলৈ যাব লগা হয়। অত্যাধিক গৰমৰ বাবে বহুলোক হিট ষ্ট্ৰোকত আক্ৰান্ত হয়। মূৰ ঘূৰোৱা, ওকালি অহা। এনে ক্ষেত্ৰত যদি ঘৰলৈ আহি আপুনি সেই সময়ত মাটিৰ পাত্ৰৰ পৰা পানী খাই তেতিয়া আপুনি আৰাম পাব । ইয়াত থকা খনিজ আৰু ভিটামিনে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে।

benefits of matka water(৪) ফ্ৰিজত ঠাণ্ডা পানী খাই ডিঙিৰ সংক্ৰমণ হোৱাৰ আশংকা থাকে। যিসকলৰ চৰ্দি হয়, তেঁওলোকে ফ্ৰিজত পানী খোৱাৰ ফলত যথেষ্ট সমস্যা হয়। কিন্তু মাটিৰ পাত্ৰৰ পৰা পানী খোৱাটোৱে শৰীৰক সন্তুষ্টি প্ৰদান কৰে, আৰু ডিঙিৰ সংক্ৰমণৰ কোনো আশংকা নাথাকে ।

matka ka pani 2018041817325372(৫) মাটিৰ পাত্ৰত পানী ৰাখিলে, ই ফিল্টাৰ ও হয়। যদি আপুনি মাটিৰ পাত্ৰ এটাত পানী ৰাখে, ই নিজেই পৰিশোধিত হয়। পানীৰ সোৱাদও বৃদ্ধি পায়।

You May Also Like

More From Author