দ্ৰুত খোজে মানুহৰ আয়ুস দীঘলীয়া কৰে

0 min read

বেগাই খোজ কাঢ়িলে মানুহৰ আয়ুস বাঢ়ে৷ শুনিবলৈ অদ্ভুট যেন লাগিলেও এই দাবী কৰিছে ব্ৰিটেইনৰ লেষ্টাৰ বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলে৷ ৬৫ বছৰৰ পৰা ১০৫ বছৰ বয়সৰ মানুহৰ মৃত্যুৰ কাৰণ সংক্ৰান্তীয় গৱেষণা কালত তেওঁলোকে জানিব পাৰে যে বেগাই খোজ কাঢ়িলে মানুহৰ আয়ুস বৃদ্ধি হয়৷ অৱশ্যে বয়স বঢ়াৰ কোনো নিৰ্দিষ্ট কাৰণ সম্পৰ্কে গৱেষকৰ দলটোৱে মন্তব্য কৰাৰ পৰা বিৰত থাকে৷ তেওঁলোকৰ মতে বাদ্ধৰ্ক্যৰ সৈতে মানৱদেহৰ কোষসমূহত থকা ক্ৰমোজোমৰ কিবা নহয় কিবা সম্পৰ্ক নিশ্চয় আছে৷ ক্ৰমোজোমৰ বাহুসমূহৰ শেষ প্ৰান্তত বিজ্ঞানৰ ভাষাত ‘টেলোমেয়াৰ’ বুলি কোৱা হয়৷ দেখা গৈছে যে এই টেলোমেয়াৰ যিমান দিনলৈ দীঘল হৈ থাকে সিমান দিনলৈ বাদ্ধৰ্ক্য আঁতৰত থাকে৷ কিন্তু টেলোমেয়াৰৰ যেতিয়াই ক্ষয় হ’বলৈ ধৰে তেতিয়াই কোষবিভাজন কমিবলৈ ধৰে৷ ফলত পেশীৰ গঠন দুৰ্বল হৈ পৰে আৰু বাদ্ধৰ্ক্যই দেখা দিয়ে৷

৪,০৫,০০০জন লোকক লৈ কৰা গৱেষণা কালত গৱেষকৰ দলটোৱে দেখে যে ইয়াৰে ৪০ শতাংশ লোকে বেগাই অৰ্থাৎ দ্ৰুতগতিত খোজ কাঢ়ে৷ এই ৪০ শতাংশ লোকৰ টেলোমেয়াৰৰ দৈৰ্ঘ্য বাকীসকলতকৈ তুলনামূলকভাৱে বেছি৷ গৱেষকৰ দলটোৱে ইয়াৰে ৮৬ শতাংশ লোকৰ ক্ষেত্ৰত খোজৰ গতি জোখাৰ বাবে বিশেষ যন্ত্ৰ ব্যৱহাৰ কৰিছিল৷ বাকীসকলৰ সৈতে কথা পাতিছিল৷ গৱেষকৰ দলটোৱে দাবী কৰা মতে বেগাই বা দ্ৰুতগতিত খোজ কাঢ়িলে মানুহৰ আয়ুস ১৬ বছৰলৈকে বৃদ্ধি পাব পাৰে৷ অৱশ্যে এই বিষয়ে অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলিও তেওঁলোকে কয়৷

You May Also Like

More From Author