এলাৰ্জি হ’লে এনে খাদ্য এৰাই চলক

1 min read
ধূলি-বালি বা অন্যান্য কাৰণত সাধাৰণতে মানুহ এলাৰ্জিজনিত সমস্যাত ভোগে৷ কেতিয়াবা কোনো বিশেষ খাদ্য বেছিকৈ খালেও এলাৰ্জি বাঢ়িব পাৰে৷ সেইবাবে এলাৰ্জিজনিত সমস্যা থাকিলে খাদ্য খোৱাৰ ক্ষেত্ৰতো সজাগ  হ’ব লাগে৷
গাখীৰ –  গাখীৰে শৰীৰত প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰে৷ ই স্বাস্থ্যৰ বাবে অতি উপকাৰী যদিও কেতিয়াবা গাখীৰৰ পৰা এলাৰ্জি হয়৷ বিশেষকৈ তিনি বছৰৰ তলৰ শিশুৰ এলাৰ্জি গাখীৰৰ পৰাও হ’ব পাৰে৷
কণী – গাখীৰৰ দৰেই কণীও স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়৷ কেতিয়াবা কণীৰ পৰা এলাৰ্জি হ’ব পাৰে৷ অধিকাংশ শিশুৱেই গাখীৰৰ দৰে কণী খোৱাৰ ফলতো এলাৰ্জিত ভোগে৷ কণীৰ পৰা এলাৰ্জি হোৱাটো নিশ্চিত হ’লে শিশুক কণী খুওৱাৰ পৰা বিৰত থাকিব লাগে৷
বাদাম – বিভিন্নধৰণৰ বাদামৰ পৰাও কেতিয়াবা এলাৰ্জি হ’ব পাৰে৷ বিশেষকৈ কাজু, পেষ্টা, আলমণ্ড, আখৰোট আদিৰ পৰা এলাৰ্জি হোৱাৰ আশংকা থাকে৷
আটাৰে তৈয়াৰী খাদ্য – আটাৰে তৈয়াৰী খাদ্য খালেও কেতিয়াবা এলাৰ্জি হ’ব পাৰে৷ বিশেষকৈ পাওৰুটিৰ পৰা এলাৰ্জি হোৱাৰ আশংকা বেছি৷
ছয়াবিন জাতীয় খাদ্য – ছয়াবিন জাতীয় খাদ্যৰ পৰা শিশু সহজেই এলাৰ্জিত আক্ৰান্ত হ’ব পাৰে৷ কেতিয়াবা প্ৰাপ্তবয়ষ্ক লোকো ছয়াবিন জাতীয় খাদ্য বেছিকৈ খোৱাৰ ফলত এলাৰ্জিত আক্ৰান্ত হ’ব পাৰে৷
মাছ – কোনো কোনো লোকৰ এলাৰ্জি মাছৰ পৰাও হয়৷ বিশেষকৈ সাগৰীয় মাছৰ পৰা এলাৰ্জি হোৱাৰ আশংকা থাকে৷
শাক-পাচলি – কিছুমান বিশেষ শাক-পাচলিও কেতিয়াবা এলাৰ্জিৰ কাৰক হৈ পৰে৷ এই ক্ষেত্ৰত বেঙেনা, গাজৰ, বিলাহীৰ পৰা এলাৰ্জি হোৱাৰ আশংকা বেছি৷ যি খাদ্য খালে এলাৰ্জিজনিত সমস্যাৰ সৃষ্টি হয় তেনে খাদ্য পৰিহাৰ কৰিব লাগে৷

You May Also Like

More From Author