মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি চৰম সিদ্ধান্ত ছাত্ৰীৰ

1 min read
নলবাৰী জিলাৰ ক্ষুদ্ৰ কটলাবৰকুছি গাঁৱত বুধবাৰে এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। ছাত্ৰীগৰাকী ক্ষুদ্ৰ কটলাবৰকুছি গাৱঁৰ মিনাক্ষী তালুকদাৰ বুলি জানিব পৰা গৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত (কম্পাৰ্টমেণ্টেল) ছাত্ৰীগৰাকীয়ে পুনৰ অনুতীৰ্ণ হোৱাত মানসিকভাৱে ভাগি পৰি এনে চৰম সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰা হৈছে৷
উল্লেখ্য যে গাঁৱখনৰ তপন তালুকদাৰৰ কন্যা মিনাক্ষী তালুকদাৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি পুনৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ছাত্ৰীগৰাকীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি গম পায়ে ওচৰৰে খুড়াকৰ ঘৰৰ পৰা চাইকেলখন লৈ শিক্ষানুষ্ঠানলৈ ৰাওনা হয়। পিছে কম্পাৰ্টমেণ্টেল পৰীক্ষাত পুনৰ অনুতীৰ্ণ হোৱা মিনাক্ষীয়ে বাটতে চাইকেলখন থৈ ঘৰত প্ৰৱেশ কৰে। অলপ পিছতে গাঁৱৰে এগৰাকী কিশোৰে ‘বাইদেউ পৰীক্ষাৰ খবৰ কি’ বুলি চিঞৰি চিঞৰি সোধাত কোনো উত্তৰ নাপাই বেৰৰ সুৰুঙাৰে চাই  ছাত্ৰীগৰাকীক চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে। তাৰ পিছতে সমগ্ৰ গাওঁখনতে হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয়। ইপিনে ঘটনাস্থলীত নলবাৰীৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং সহিতে সদৰ আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

You May Also Like

More From Author