নগাঁৱৰ চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি,ভল্টেজ নথকাত ৰাইজে ঘেৰাও কৰিলে কাৰ্যালয়

1 min read

নিউজ ব্যুৰ’,নগাঁও,২জুলাই:-বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই নগাঁও জিলাৰ চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ প্ৰবন্ধকৰ কাৰ্যালয়ত আজি একাংশ ৰাইজ উপস্থিত হৈ বিদ্যুৎ বিভাগৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ৷ অসম শক্তি বিতৰণ কোম্পানী পৰিসীমাত চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালত আজি চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতাৰ মুছলিম গাঁৱৰ ৰাইজ উপস্থিত হৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সুতাৰ মুছলিম গাঁৱত উৎকট গৰমতো ভ’ল্টেজ নথকাত চামগুৰিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত আজি ৰাইজ উপস্থিত হৈ কাৰ্যালয়টো ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নিম্ন মানদণ্ডৰ ট্ৰেন্সফৰ্মাৰৰ বাবে সুতাৰ মুছলিম গাঁৱৰ ৰাইজে বিগত দুবছৰে জীয়াতু ভূগিব লগাত পৰিছে বুলি অভিযোগ কৰে ।অভিযোগ অনুসৰি কম ভ’ল্টেজ নথকাৰ বাবে বৈদ্যুতিক পাংখা নচলে লগতে বৈদ্যুতিক লাইটৰ পোহৰ নাই । গাঁওখনৰ বহুলোকে টকা ধাৰ বা সুদত লৈ অথবা গৰু-ছাগলী বেছি বিদ্যুতৰ মাচুল আদায় দিয়া সত্বেও বিগত দুবছৰ ধৰি বিদ্যুতৰ ভ’ল্টেজ নোপোৱাৰ অভিযোগ কৰে । উৎকট গৰমতো নিম্ন মানদণ্ডৰ ট্ৰেন্সফৰ্মাৰৰ বাবে ভ’ল্টেজ নথকাত চামগুৰি বৈদ্যুতিক উপ-সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীসকলক জবাবদিহি কৰে উপস্থিত থকা লোক সকলে । পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় । আনহাতে ক্ষোভিত একাংশ লোকে চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰ আগত ক্ষোভ প্ৰকাশ কৰাৰ লগতে উন্নতমানৰ ট্ৰেন্সফৰ্মাৰ যোগান নধৰালৈকে বিদ্যুতৰ মাচুলৰ ৰিডিং ল’বলৈ গলে বাধা প্ৰদান কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰে বুলি জানিব পৰা গৈছে ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author