নগাঁৱৰ বেবেজীয়াৰ আৰ্য জাতীয় বিদ্যালয়ত প্ৰাক গ্ৰীষ্মকালীন সমাৰোহ সম্পন্ন,গীতে-মাতে উজলি উঠিল বিদ্যালয় প্ৰাংগণ

1 min read

নিউজ ব্যুৰ’,নগাঁও,৮জুলাই:–শিক্ষাৰ গুণগত মান উন্নয়নৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা অন্যতম বৌদ্ধিক কেন্দ্ৰস্থল নগাঁও জিলাৰ বেবেজীয়াত অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত ২০০৫চনৰ ৭ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হোৱা আৰ্য জাতীয় বিদ্যালয়ৰ “প্ৰাক গ্ৰীষ্মকালীন সমাৰোহ”খনি শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ।

এই উপলক্ষে পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ মুকলি কৰে বিদ্যালয়ৰ প্ৰশাসনিক কাৰ্যবাহী ঋতু পৰ্ণ শৰ্মাই । বাকদেৱী সৰস্বতীৰ সন্মুখত,বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী ৰূপালী শৰ্মা আৰু ক্ৰীড়া তত্বাৱধায়ক ৰাজু বৰদলৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ক্ৰমে বিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী বৰা,সহকাৰী শিক্ষয়িত্ৰীদ্বয় প্ৰেৰণা হাজৰিকা আৰু জুৰি বৰাই । অসম জাতীয় বিদ্যালয়ৰ সংগীত “আলোক সন্ধানী আশাৰ আলয় আমাৰ জাতীয় বিদ্যালয় আমাৰ জাতীয় বিদ্যালয়” শীৰ্ষক গীতৰে শুভাৰম্ভ হোৱা সমাৰোহৰ লগত ৰাখি তিনিটা শাখাত পুৱা চিত্ৰাংকন আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় । ঘোষিত ফলাফল অনুসৰি চিত্ৰাংকন প্ৰতিযোগিতাৰ “ক” শাখাত (বিষয়:–নিজৰ মনৰে এটি ছবি আঁকি ৰং কৰা) নন্দন জ্যোতি ডেকাই প্ৰথম তথা ৰাখী বৰাই দ্বিতীয় স্থান,”খ” শাখাত (বিষয়:–যি কোনো এটি প্ৰাকৃতিক দৃশ্য আঁকি ৰং কৰা) হেমাংগ বৰাই প্ৰথম,হিমন বৰাই দ্বিতীয় স্থান, কৌশিক কমল দাস তথা লিপিকা বৰুৱাই যুটীয়াভাৱে নিচুকণি পুৰষ্কাৰ আৰু “গ” শাখাত (বিষয়:–যি কোনো উৎসৱৰ দৃশ্য আঁকি ৰং কৰা) শ্বাশতি বৰাই প্ৰথম তথা সমুজ্বল বৰাই দ্বিতীয় স্থান অধিকাৰ কৰে । আনহাতে নৃত্য প্ৰতিযোগিতাৰ “ক” শাখাত নিলোৎপল হাজৰিকাই প্ৰথম, ভাগ্যশ্ৰী বৰাই দ্বিতীয় তথা ৰিচিতা বৰাই তৃতীয়,”খ”শাখাত সোণাক্ষী বৰদলৈয়ে প্ৰথম,বনস্মিতা শৰ্মাই দ্বিতীয় তথা মৃদুস্মিতা দেৱীয়ে তৃতীয় আৰু “গ”শাখাত পংখী দাসে প্ৰথম,জাহ্নৱী বৰাই দ্বিতীয় তথা শিল্পীনন্দা বৰা তথা নিৰিবিলি মহন্তই যুটীয়াভাৱে তৃতীয় পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হয় ।

প্ৰতিকুল বতৰকো নেওচি নৃত্য প্ৰতিযোগিতাৰ মাজে মাজে গায়িকা উষামণি বৰদলৈ, বিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী বৰা,সহকাৰী শিক্ষয়িত্ৰী পূৰ্ণিমা বৰা,প্ৰেৰণা হাজৰিকা,সংগীতা মহন্ত,জুৰি বৰা,ৰুলি শৰ্মা,মঞ্জুৰাণী ভৰালী,জাহ্নৱী শৰ্মা,পৰিষ্মীতা বৰা,জ্যোতি প্ৰভা দেৱী আৰু ভৱানী শৰ্মাই জেং বিহু,ছাত্ৰ- ছাত্ৰীসকলে বিহু নৃত্য আৰু জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰি উপস্থিত সকলোকে মোহাচ্চন্ন কৰি ৰখাৰ লগতে গীতে-মাতে উজলি উঠিল বিদ্যালয় প্ৰাংগণ । বিয়লি অধ্যক্ষা বৰ্ণালী বৰাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণি সভাত বিশিষ্ট অতিথিৰূপে অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ নৰেন চন্দ্ৰ দাসে ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাৰ সমান্তৰালকৈ খেলা-ধূলা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাতো আগুৱাই যাবলৈ অনুৰোধ জনায় । সভাত জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা,অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ সদস্য নৱজ্যোতি দাস, শুভাকাংক্ষী দীপ বেজবৰা আৰু বিচাৰকদ্বয় দিগন্ত কুমাৰ ডেকা তথা কৰৱী কাকতিও উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে । উল্লেখ যে বিদ্যালয়ৰ সহকাৰী শিক্ষক অনুপম দাসে সামগ্ৰীকভাৱে আঁত ধৰা সমাৰোহখনিত সহকাৰী শিক্ষক অপূৰ্ব কলিতা,ৰণ্টু ডেকা,পূৰ্বালী মেধি,মঞ্জুৰাণী ভৰালী,প্ৰাণজিৎ ভূঞাঁ,পূৰ্ণিমা বৰা,সংগীতা মহন্ত,প্ৰেৰণা হাজৰিকা,পাপৰি বৰা,ৰুলি শৰ্মা,পৰিস্মীতা বৰা,জাহ্নৱী শৰ্মা,জ্যোতিপ্ৰভা দেৱী,জুৰি বৰা,ৰেখা শৰ্মা,দেৱেন নাথ,প্ৰাক্তন শিক্ষক দেৱযানী বৰদলৈ,লিজা শৰ্মা, পিংকুমনি নাথ,সহায়কাৰী পূৰ্ণিমা দাস আৰু বিউটি বৰাৰ লগতে অভিভাৱক-অভিভাৱিকাসকল উপস্থিত থাকে । সভাত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সম্প্ৰতি কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ডৰথী বৰা আৰু ময়ূখী বেজবৰুৱাই ভাষণ প্ৰসংগত বিদ্যালয়ত পঢ়ি থকা দিনৰ অতীত স্মৃতি ৰোমন্থণ কৰে । সভাৰ অন্তত প্ৰশাসনিক কাৰ্যবাহী ঋতু পৰ্ণ শৰ্মাই আগবঢ়োৱা শলাগৰ শৰাইৰে কাৰ্যসূচীৰ সামৰণি মৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author