নগাঁৱৰ বেবেজীয়াৰ গেদাৰবড়িত শিক্ষাবিদ জোনাৰাম বৰাৰ আবক্ষ মূৰ্তি উন্মোচন

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৫জুলাই:–“১৯৪৪ চনৰ ১৩ এপ্ৰিলত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ২নং গেদাৰবড়ি গাঁৱত জন্মগ্ৰহণ কৰা শিক্ষাবিদ জোনাৰাম বৰা এগৰাকী বিদ্বান লোক আছিল । বিগত বৰ্ষৰ ১৬ জুলাইত ৭৮ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা জোনাৰাম বৰাই বহু কেইবাখনো হাইস্কুল প্ৰতিষ্ঠা কৰি বেতন নোলোৱাকৈয়ে শিক্ষাদান কৰি শেষত ডিমৰুগুৰি হাইস্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। আনহাতে বৰাক কোনো লোকে উৎকোচ যচাৰ বাবেই ত্যাগ কৰি আহিছিল অসম অসামৰিক বিষয়াৰ পদ ।”–এই মন্তব্য ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা সুবক্তা মোহিনী মোহন ডেকাৰ । সমাজমুখী চিন্তাৰ অধিকাৰী জোনাৰাম বৰাক শনিবাৰে স্মৰণ কৰা হয় ওপজা ভূমি ২ নং গেদাৰবড়িত। ৰাজহুৱাভাৱে আয়োজিত স্মৃতিচাৰণ সভাৰ লগত সংগতি ৰাখি জোনাৰাম বৰাৰ এটি আবক্ষ মূৰ্তিও উন্মোচন কৰে অধ্যাপক ডেকাই ।

ভাষণ প্ৰসংগত ড° ডেকাই আৰু কয় যে পূব হাতীচোং অঞ্চলৰ আইনৰ প্ৰথমগৰাকী স্নাতক জোনাৰাম বৰাই গাঁঠিৰ ধন ভাঙি বিভিন্ন সামাজিক অনুষ্ঠান গঢ় দি সমন্বয় গঢ়ি তুলিছিল। এনে এগৰাকী দূৰদৰ্শী ব্যক্তিৰ স্মৃতিচাৰণ কৰাটো আমাৰ বাবে পৰম সৌভাগ্যৰ বিষয়। পণ্ডিত জোনাৰাম বৰা আছিল এগৰাকী শিক্ষাদূত । নগাঁও জিলাৰ বহুসংখ্যক শিক্ষানুষ্ঠানক তেওঁ প্ৰাণৱন্ত কৰি তুলিছিল। শিক্ষা আন্দোলনৰ দক্ষ সেনানীগৰাকী অসম অসামৰিক সেৱাৰ এগৰাকী বিষয়া হোৱাৰ পিছতো চাকৰি এৰি থৈ আহি মাধ্যমিক শিক্ষাৰ বিস্তাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি সমাজ পোহৰাই তুলিছিল । সাংস্কৃতিক সংগঠক দিপাংক শইকীয়াই আঁত ধৰা শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত অধ্যাপক মোহিনী মোহন ডেকাই বন্তি প্ৰজ্বলন কৰে আৰু ধূপ প্ৰজ্বলন কৰে শিক্ষাবিদ জোনাৰাম বৰাৰ সহধৰ্মিণী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হেমলতা বৰদলৈয়ে। এই অনুষ্ঠানতে প্ৰয়াত শিক্ষাবিদ গৰাকীৰ জীৱন আৰু কৃতী সম্পৰ্কে বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ বৰদলৈ,অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল ৰাজখোৱা আদিয়ে আলোকপাত কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত লেখক-সাংবাদিক জ্যোতিপ্ৰসাদ বৰা,কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা সান্ত্বনা বৰা,অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পাৰুল মেধি শইকীয়া, লোকশিল্পী ভদ্ৰ বৰা,শিক্ষক শ্ৰীমন্ত ডেকা,অৱসৰপ্ৰাপ্ত সৈনিক প্ৰফুল্ল বৰদলৈ,সক্ৰিয় ৰাজহুৱাকৰ্মী লোহিত ডেকা,নিকুঞ্জ সূত,শিৱ ভূঞা,ললিত বৰা,প্ৰভাত ৰাজখোৱাৰ লগতে সৰবৰহী মহিলা মল্লিকা বৰা,বিচিত্ৰা বৰা আৰু তিলো বৰাও উপস্থিত থাকে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author