নিউজ ব্যুৰ’,নগাঁও,১৪ জুলাই : শুক্ৰবাৰে “এখুদ ককাইদেউ” খ্যাত কবি নৱকান্ত বৰুৱাৰ ২১সংখ্যক মৃত্যু দিৱস । এই বিশেষ দিনটোতে কবিগৰাকীৰ সোৱঁৰণত পূৰ্বৰ দৰেই বিয়লি নগাঁও চহৰৰ কলঙৰ “দলঙত কবিতা” শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয় । এই বিশেষ অনুষ্ঠানতে কবি নৱকান্ত বৰুৱাকে প্ৰমুখ্য কৰি সকলো প্ৰয়াত কবিক স্মৰণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলা কবি সন্মিলন আৰু নগাঁও সদৰ ৰঙাজিঁয়া শাখা কবি সন্মিলনৰ উদ্যোগত আৰু নগাঁও জিলা কবি সন্মিলনৰ অন্য শাখাসমূহৰ সহযোগত লগতে নগাঁৱৰ বিশিষ্ট কবি-সাহিত্যিক গুণী-জ্ঞানী ব্যক্তিসকলৰ উপস্থিতি আৰু সহযোগত শেৱালি কবি ৰত্নকান্ত বৰকাকতি সেতুত অনুষ্ঠিত হয় এই অনুষ্ঠান। স্বনামধন্য কবি ডাঃ প্ৰয়াগ শইকীয়া,বিশিষ্ট কবি,শিল্পী পুলকানন্দ কৌশিককে ধৰি কেইজনমান সমাজ সচেতন প্ৰাজ্ঞ পুৰুষৰ প্ৰযত্নত জন্ম হৈছিল “দলঙত কবিতা” নামৰ এই অনুষ্ঠানটি ।
অনুষ্ঠানৰ আৰম্ভণিতে কবি নৱকান্ত বৰুৱা প্ৰমুখ্যে প্ৰয়াত কবি, সাহিত্যিক,শিল্পী সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আত্মাৰ সদগতি কামনা কৰাৰ লগতে উক্ত অনুষ্ঠানৰ মধ্যমণিস্বৰূপ পুলকানন্দ কৌশিক প্ৰমুখ্যে ৰোগগ্ৰস্ত কবি-শিল্পী-সাহিত্যিক সকলৰ সম্পূৰ্ণ আৰোগ্য লাভৰ বাবে পৰমপিতা ভগৱানৰ ওচৰত এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয় । শিল্পী প্ৰণতি বৰাই এটি ঘোষা পৰিবেশন কৰাৰ পিছতে কবি ডাঃ প্ৰয়াগ শইকীয়া, দ্বিজেন্দ্ৰ নাথ হাজৰিকা,অশোক ৰাম ভট্টাচাৰ্য, কবিতা বৰা,ত্ৰৈলোক্য ভট্টাচাৰ্য,আৰতি মেধি,স্বপ্না দেবী,বন্দনা ঠাকুৰীয়া,ৰূপম নাথ,কৰৱী লিগিৰা, পল্লৱী শৰ্মা,মোস্তাকিন শ্বেখ,হাইছউদ্দিন আহমেদ,মণ্টুল কুমাৰ শৰ্মা,ভবেন বৰা, মদাৰজ্যোতি,ৰিণি কাকতি বৰা,মনোজ কুমাৰ শৰ্মা,অতুল চন্দ্ৰ কাকতি, গুৰমাইল সিং,আটিকুৰ ৰহমান, প্রিয়াংশু শৰ্মা,খগেন শইকীয়া,নগেন চন্দ্ৰ খাউণ্ড,সঞ্জীৱ সাগৰ চৌধুৰী, দীপজ্যোতি কাকতি,কনক হাজৰিকা, লখিমী মহন্ত,দেৱযানী শৰ্মা পাঠক, জয়ন্তী বৰা,দুলাল বৰা প্ৰমুখ্যে অৰ্দ্ধ শতাধিক কবিয়ে কবিতা পাঠেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। কবি মদাৰজ্যোতিয়ে আঁত ধৰা অনুষ্ঠানৰ মাজতে “কলংপাৰ” কাকতৰ সম্পাদক, লেখক তথা অৱসৰপ্ৰাপ্ত শিক্ষক ভবেন বৰাৰ “সূৰ্যৱতী” নামৰ উপন্যাসখনি উন্মোচন কৰে বিশিষ্ট কবি তথা চিকিৎসক ডাঃ প্ৰয়াগ শইকীয়াই ।ঋতু পৰ্ণ শৰ্মা,নগাঁও