নগাঁৱৰ ৰাইদঙীয়াত “সহোদৰ”ৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক “সহোদৰ শৈক্ষিক বঁটা–২০২৩” প্ৰদান

1 min read

নিউজ ব্যুৰ’,নগাঁও,৩০জুন:–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী ৰাইদঙীয়াৰ অগ্ৰণী সামাজিক সংগঠন “সহোদৰ”ৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক “সহোদৰ শৈক্ষিক বঁটা – ২০২৩”এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৃহস্পতিবাৰে প্ৰদান কৰা হয় । এই উপলক্ষে আইভেটি গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত বৃহত্তৰ ৰাইডঙীয়া অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত শ্ৰেষ্ঠ নম্বৰ প্ৰাপ্ত গৰাকীক এই বঁটা প্ৰদান কৰা হয় । উল্লেখ্য যে এই বৰ্ষত সন্মানীয় বঁটাটি লাভ কৰে শংকৰ মাধৱ বিদ্যাপীঠৰ কৃতী ছাত্ৰী স্নেহা শইকীয়াই ।

বিশিষ্ট সমাজকর্মী দিলীপ বৰাই সঞ্চালনা কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক প্ৰাঞ্জল হাজৰিকা,বটদ্ৰৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডঃপ্ৰাঞ্জলি মহন্ত,ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ বিচিত্ৰ নাৰায়ণ শইকীয়া,ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তি দাস,আইলক্ষ্মী আঞ্চলিক আত্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সোণ্টি কলিতা,আইভেটি গাঁও পঞ্চায়তৰ সভাপতি দেহিৰাম বৰা,বিশিষ্ট সমাজকর্মী ধীৰসিং পাটৰ,কবিন পাটৰ, নাৰায়ণ দাস,নৱকমল ৰাজা,উষা ৰাজখোৱা,মুনিন্দ্ৰ বৰুৱা,সূৰ্য ৰাজখোৱা,যতীন বৰা,প্ৰভাষ বৰা আদি উপস্থিত থাকি ছাত্র-ছাত্ৰীয়ে ভৱিষ্যত জীৱনৰ বাবে কিদৰে নিজকে প্ৰস্তুত কৰি নিজৰ লগতে সমাজৰ হকে কাম কৰিব পাৰে সেই উদ্দেশ্যে ছাত্র-ছাত্ৰীক সাৰুৱা ভাষণ প্ৰদান কৰে । শিল্পী অনু দাসে বৰগীত পৰিবেশনৰে আৰম্ভ হোৱা অনুষ্ঠানত ডিষ্টিংশ্যন আৰু ষ্টাৰ মাৰ্ক লাভ কৰা ছাত্র-ছাত্ৰীসকলকো বিশেষভাৱে অভিনন্দন জনোৱা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author