নগাঁৱৰ হাতীচোঙত শ্ৰীশ্ৰী বিষ্ণু বিগ্ৰহ প্ৰতিষ্ঠা,তিনিদিনীয়াকৈ মহা বিষ্ণু যজ্ঞ আৰম্ভ

1 min read

 

নগাঁও,৩০জুন :- আধ্যাত্মিকসত্ত্বাৰ আত্মা স্বৰূপ বৈদিক সনাতন ধৰ্মৰ নীতি আৰু আদৰ্শক সাৰোগত কৰি স্থাপন হোৱা নগাঁও জিলাৰ কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজ,হাতীচোঙৰ বৈদিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত হাতীচোঙৰ সঞ্জীৱনী সংস্কৃত টোল প্ৰাংগণত শুক্ৰবাৰে শ্ৰীশ্ৰী বিষ্ণু বিগ্ৰহ ভাগ প্ৰতিষ্ঠা কৰা হয় । শ্ৰীশ্ৰী বিষ্ণু বিগ্ৰহ ভাগ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি বিশ্ব শান্তিৰ কামনাৰে তিনিদিনীয়াকৈ শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞৰো আয়োজন কৰা হৈছে । শুক্ৰবাৰে পুৱা ধৰ্মধ্বজা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে হাতীচোং কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজ,বৈদিক চৰ্চা কেন্দ্ৰৰ সভাপতি ত্ৰৈলোক্য ভট্টাচাৰ্যই । বন্তি প্ৰজ্বলন কৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বিপুল কটকীয়ে আৰু স্মৃতি তৰ্পণ মুকলি কৰে উদযাপন সমিতিৰ সভাপতি অনিল আগমাচাৰ্যই । ইয়াৰ পাছতে হাতীচোং কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজৰ কাৰ্যালয়ৰ প্ৰবেশ দ্বাৰৰ কাষত হাতীচোং সঞ্জীৱনী সংস্কৃত টৌলৰ ভূমিদাতা প্ৰয়াত শশীকান্ত আগমাচাৰ্যৰ পবিত্ৰ স্মৃতিত নিৰ্মিত আবক্ষ মূৰ্তিটি উন্মোচন কৰে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই । উল্লেখ্য যে আবক্ষ মূৰ্তিটি নিৰ্মাণ কৰি উলিয়াইছে নগাঁৱৰ অশ্বিনী শৰ্মা আৰু তেওঁৰ সহযোগীসকলে । উদযাপন সমিতিৰ সম্পাদক নিপন শৰ্মাই আঁত ধৰা অনুষ্ঠানত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পুৰোহিত-ব্ৰাহ্মণ ব্যক্তিসকলৰ লগতে সাংবাদিকদ্বয় ঋতু পৰ্ণ শৰ্মা আৰু বেদব্ৰত ৰাজাও উপস্থিত থাকে । বিয়লি ঋত্বিকসকলৰ আদৰণি জনোৱাৰ পাছতে অধিবাস আৰম্ভ হ’ব ।

ইতিমধ্যে নগাঁৱৰ বিভিন্ন প্ৰান্তৰ ত্ৰিশজনৰো অধিক ঋত্বিক মহাবিষ্ণু যজ্ঞস্থলীত উপস্থিত হৈছেহি । ১জুলাই,শনিবাৰে পুৱা বেদমন্ত্ৰ পাঠ,নান্দী শ্ৰাদ্ধ,আয়তীৰ দ্বাৰা জলযাত্ৰা,পাদ পক্ষালন,ঋত্বিক বৰণ,অগ্নি আহৰণ,মহা বিষ্ণু যজ্ঞ আৰম্ভ,আহুতি প্ৰদান,বিয়লি সম্বৰ্ধনা অনুষ্ঠান,সন্ধিয়া আৰতিৰ পাছতে ধ্ৰুপদী শিল্পী ৰঞ্জন বেজবৰুৱাৰ পৰিচালনাত বিশিষ্ট সংস্কৃত পণ্ডিত প্ৰয়াত উমাকান্ত দেৱ শৰ্মাৰ সোঁৱৰণত “সংস্কৃত সন্ধ্যা” অনুষ্ঠিত হ’ব । ২জুলাই, ৰবিবাৰে পুৱা বেদমন্ত্ৰ পাঠ, মংগলাচৰণ,আহুতি প্ৰদান,নাম প্ৰসংগ,বিয়লি পূৰ্ণাহুতি প্ৰদান আৰু ঋত্বিকসকলৰ বিদায় অনুষ্ঠানৰে তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণি মৰা হ’ব । ইপিনে উদযাপন সমিতিয়ে জনোৱা মতে ২জুলাই,ৰবিবাৰৰ মহা বিষ্ণু যজ্ঞৰ পূৰ্ণাহুতিত অংশগ্ৰহণ কৰিব বিচৰা ভক্তই সমিতিৰ লগত আগতীয়াকৈ 7002465960 নাইবা 7002181682 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে । মহা বিষ্ণু যজ্ঞৰ তিনিও দিনৰ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে ।

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ ৰিপ’ৰ্ট

You May Also Like

More From Author