যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নগাঁৱৰ উৰিয়াগাঁৱত বিশদিনীয়া বিনামূলীয়া পাঠদান শিবিৰ আৰম্ভ

1 min read

 

 

নিউজ ব্যুৰ’,নগাঁও,১জুলাই:–অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটি “গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ” শনিবাৰৰে পৰা আৰম্ভ হৈছে । উৰিয়াগাঁওস্থিত শ্বহীদ ভোগেশ্বৰী ফুকননী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আৰম্ভ হোৱা শিবিৰৰ কাৰ্যসূচীৰ অংশৰূপে পুৱা পৰিষদৰ পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সভাপতি ৰাজ হাজৰিকাই আৰু শ্বহীদ তৰ্পণ কৰে পৰিষদৰ সাধাৰণ সম্পাদক কৌশিক হাজৰিকাই । ইয়াৰ পাছতে বিনামূলীয়া পাঠদান শিবিৰটি মুকলি কৰা হয় । আজিৰ শিবিৰ মুকলি অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়া উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে অসমত সংঘটিত হোৱা সকলো প্ৰকাৰৰ সামাজিক,অৰ্থনৈতিক,ভাষিক, সাংস্কৃতিক,ধৰ্মীয়,ৰাজনৈতিক শোষণ, নিপীড়ন আৰু প্ৰৱঞ্চনাৰ পৰা অসমীয়া জনসাধাৰণক মুক্ত কৰি ঐতিহ্যমণ্ডিত অসমীয়া জাতিক তথা জাতীয় জীৱনক সকলো ফালৰ পৰা সুৰক্ষা কৱচ পিন্ধাই এখন সুস্থ-সবল আৰু নিকা মূলত: ‘সুন্দৰ অসম’ গঢ়াৰ সংগ্ৰামখন শক্তিশালী ৰূপত চলাই থকাৰ মাজেৰেই চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশত উত্তৰণৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে “গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ”ৰ আয়োজন কৰি আহিছে ।

অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আমন্ত্ৰিত উপদেষ্টা প্ৰদীপ লস্কৰ,নগাঁও জিলা সমিতিৰ উপ-সভাপতি প্ৰবাল শৰ্মা,কলিয়াবৰ জিলা সমিতিৰ সভাপতি চন্দন শৰ্মা, জিলা সমিতিৰ প্ৰচাৰ সম্পাদক দৰ্শন কাকতি,জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক দিপু শইকীয়া,জিলা সমিতিৰ যুটীয়া সম্পাদক দিব্যজোতি হাজৰিকা, জিলা সমিতিৰ বিত্ত সম্পাদক দিপাংকৰ শৰ্মা,পুৰণিগুদাম আঞ্চলিকৰ সাধাৰণ সম্পাদক প্ৰাণকৃষ্ণ ডেকা,উৰিয়াগাঁও আঞ্চলিকৰ‌ যুটীয়া সম্পাদক প্ৰদ্যুন্ম বৰা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও শাখাৰ সঞ্চয়িতা বণিয়া,সংগীতা বণিয়া,মেঘনা তেজস্বিনী, উৰিয়াগাঁও আঞ্চলিকৰ মৰঙীয়াল শাখাৰ সাধাৰণ সম্পাদক শুভ্ৰজিত গগৈ উপস্থিত থাকি ছাত্ৰ জীৱনত ছাত্ৰ-ছাত্ৰীসকলৰ কৰণীয় আৰু অকৰণীয় দিশসমূহৰ ওপৰত বক্তব্য ৰাখে । অনুষ্ঠানত শ্বহীদ ভোগেশ্বৰী ফুকননী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ উৎপল বৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সমাজকৰ্মী তোষেশ্বৰ কলিতা,পহুকটা শাখাৰ সভাপতি কাজল বৰা,সাধাৰণ সম্পাদক নৱাৰুণ বৰা,উপ-সভাপতি কৃষ্ণামণি বৰাৰ লগতে পৰিষদ অন্যান্য সতীৰ্থসকল উপস্থিত থাকে । উল্লেখ্য যে বিশদিনীয়া এই পাঠদান শিবিৰত ইংৰাজী ব্যাকৰণ,গণিত আৰু বিজ্ঞান বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক পাঠদান‌ কৰিবৰ বাবে প্ৰতিটো বিষয়ৰ বাবে একোজনকৈ অভিজ্ঞ শিক্ষকক আমন্ত্ৰণ কৰা হৈছে । আমন্ত্ৰিত শিক্ষকসকল হৈছে ক্ৰমে বিপ্লৱ জ্যোতি ভূঞা,গুণীন্দ্ৰ চক্ৰৱৰ্তী,উৎপল মহন্ত আৰু জ্ঞানজ্যোতি বৰা । তাৰোপৰি ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে প্ৰতিদিনে একোজনকৈ সমল ব্যক্তি উপস্থিত থাকি প্ৰেৰণাদায়ক মন্তব্য প্ৰদান কৰিব ।

 

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author