৩০ জুলাইত উদ্বোধন হ’ব অসম বিধানসভাৰ নতুন ভৱন

1 min read

অসম বিধানসভাৰ নৱ-নিৰ্মিত ভৱনটো উদ্বোধন হ’ব অহা ৩০ জুলাইত। এই নতুন ভৱনটো উদ্বোধন কৰিব লোকসভাৰ অধ্যক্ষ ঔম বিৰলাই। বিধানসভাৰ এই স্থায়ী ভৱনটো নিৰ্মাণৰ দায়িত্বত আছিল ছিমফ্লেক্স ষ্ট্ৰাক্সাৰ। ১৮,৪৫৯ বৰ্গ মিটাৰৰ এই নতুন ভৱনটোৰ নিৰ্মাণৰ ব্যয় ২৩৪ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত এই ব্যয় ৩৫১ কোটিলৈ বৃদ্ধি হয়।

১৫ মহলীয়া এই ভৱনটোত থাকিব অত্যাধুনিক বহুতো সুবিধা। ২০০৮চনতেই এই নতুন অসম বিধানসভাৰ ভৱনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। নতুন ভৱনটো উদ্বোধনৰ বাবে সজাই-পৰাই তোলা হৈছে ইতিমধ্যে। মুঠ ১০ একৰ মাটিত থাকিব ৩টা ভৱন। মূল ভৱনৰ প্ৰথম মহলাত ১৭২জন বিধায়ক বহিব পৰাকৈ আসনৰ ব্যৱস্থা কৰা হৈছে।

You May Also Like

More From Author