সঞ্জয় কুমাৰ মিশ্ৰৰ ইডিৰ সঞ্চালক হিচাপে তৃতীয়বাৰৰ বাবে কাৰ্যকাল বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশক মঙলবাৰে অবৈধ বুলি আখ্যা প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে । এই গোচৰত উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছে যে ২০২১ চনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিছে কেন্দ্ৰীয় চৰকাৰে। উচ্চতম ন্যায়ালয়ে মিশ্ৰক কাৰ্যভাৰ ত্যাগ কৰিবলৈও ৩১ জুলাইলৈকে সময় দিয়ে।
Month: July 2023
🔶 নাজিৰ আলীৰ পৰা জব্দ ১.৫ কেজি গাঞ্জানাজিৰৰ জানপাৰৰ গৃহৰ পৰাও জব্দ ৩.৫ কেজি গাঞ্জা। 🔶 ইফালে আজি গোলাঘাট গুলাম পট্টিত আন এজন লোকৰ পৰা ২ কেজি ভাং জব্দ কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষীয়ে।
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৰাজ্যিক কেবিনেটৰ নতুন আঁচনি ‘সুগমৰ পৰা দুৰ্গম’।এতিয়াৰে পৰা চৰকাৰী চাকৰিয়ালে একোটা কাৰ্যকালৰ ভিতৰত এটা দুৰ্গম অঞ্চলত আগবঢ়াব লাগিব সেৱা। তিনিৰ পৰা পাঁচবছৰলৈ একোটা দুৰ্গম অঞ্চলত চাকৰি কৰাটো বাধ্যতামূলক হ’ব চৰকাৰী কৰ্মচাৰীৰ বাবে। সকলো চাকৰিয়ালে যাতে দুৰ্গম অঞ্চললৈ গৈ জনতাৰ বাবে কাম কৰিব পাৰে সেই উদ্দেশ্যৰে লোৱা
অসমৰ বাবে ব্ৰঞ্জৰ পদক নিশ্চিত কৰাৰ লগতে সোণৰ পদকৰ বাবে মাজত মাত্ৰ কিছুসময় বাকী । জুনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা একমাত্ৰ খেলুৱৈ যোৰহাটৰ অবিনাশ দাস। যোৱা ৯ জুলাইৰ পৰা অৰুণাচল প্ৰদেশৰ ইটানগৰত অনুষ্ঠিত হৈছে পঞ্চম জুনিয়ৰ বয়জ ৰাষ্ট্ৰীয় বক্সিং ২০২৩ প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত অসম
মংগল বাৰে নগাঁৱৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অশোকা আই এ এছ একাডেমি আৰু ছোৱালী মহাবিদ্যালয়ৰ যুটীয়া সহযোগত অনুষ্ঠিত কৰে এক সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানটিত সম্বৰ্ধনা জনোৱা হয় সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতীয় প্ৰশাসনিক পৰীক্ষাত অসমক গৌৰাম্বিত কৰা নগাঁৱৰ সু-সন্তান ময়ূৰ হাজৰিকাৰ লগতে কীৰ্তি ছাত্ৰ ছাত্ৰীক। সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত পঞ্চম