Month: July 2023

সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগৰে উত্তাল বিটিচিৰ বৰ্ষাকালীন অধিৱেশনঃ বিপিএফৰ সদন ত্যাগ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগৰে উত্তাল বিটিচিৰ বৰ্ষাকালীন অধিৱেশনঃ বিপিএফৰ সদন ত্যাগ

বিটিচিৰ বৰ্ষাকালীন অধিৱেশন মঙলবাৰে এদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ওপৰত বিৰোধীয়ে অনা প্ৰশ্নকালীন সময়ছোৱাত শাসক পক্ষই আলোচনা নকৰাৰ বাবে বিপিএফ দলে সদন ত্যাগ কৰে৷ বিৰোধী দলপতি তথা বিপিএফৰ নেতা দেৰহাছাৎ বসুমতাৰীয়ে কয় যে, “সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টোৱে হ’ল বৰ্তমান সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। বিৰোধীৰ লিখিত প্ৰশ্ন শাসকীয় পক্ষই

শ্রীৰামপুৰত জব্দ লাখ টকাৰ কোৰিয়ান চিগাৰেট..

শ্রীৰামপুৰত জব্দ লাখ টকাৰ কোৰিয়ান চিগাৰেট..

ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে আৰক্ষীৰ অভিযান। এইবাৰ মঙলবাৰৰ নিশা শ্রীৰামপুৰত আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান। অভিযানকালত বুজন পৰিমাণৰ কোৰিয়ান চিগাৰেট জব্দ কৰিছে আৰক্ষীয়ে। এখন কণ্টেইনাৰৰ ট্রাকৰ পৰা জব্দ কৰা হয় কোৰিয়ান চিগাৰেটখিনি। জব্দকৃত চিগাৰেটখিনিৰ বজাৰ মূল্য প্রায় ৩০ লাখ টকা। ঘটনা সন্দৰ্ভত কণ্টেইনাৰৰ ট্রাকখন জব্দ কৰাৰ লগতে

বিবাহৰ প্ৰস্তুতি চলি থকাৰ সময়তে, ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

বিবাহৰ প্ৰস্তুতি চলি থকাৰ সময়তে, ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক লৈ অঞ্চল জুৰি তীব্ৰ উত্তেজনা। ১৮ বছৰীয়া যুৱতী গৰাকী দৰং জিলাৰ খাৰুপেটিয়াৰ বুলি জানিব পৰা গৈছে। যুৱতী গৰাকী ছয়মাহৰ অন্তঃসন্তা বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। এসপ্তাহ আগত কচুৱাৰ বালিচৰাৰ এটা সন্তানৰ পিতৃ ছাইফুল ইছলাম নামৰ ব্যক্তিজনে বিবাহ কৰিবলৈ প্ৰলোভন দি আনিছিল যুৱতীগৰাকীক।ছাইফুলে তিনিদিন পূৰ্বে

এতিয়াৰে পৰা নতুন শিক্ষানীতিৰ আধাৰত ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বৃদ্ধি হ’ব পাঠদানৰ সময়সীমা

এতিয়াৰে পৰা নতুন শিক্ষানীতিৰ আধাৰত ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বৃদ্ধি হ’ব পাঠদানৰ সময়সীমা

আন আন ৰাজ্যৰ নিচিনাকৈ চলিত বৰ্ষৰ পৰা অসমতো প্ৰযোজ্য হ’ল নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি। এতিয়াৰে পৰা পুৱা ৯ বজাৰ পৰা ৫ বজালৈ কৰিব লাগিব পাঠদান। দিনৰ ১ বজাৰ পৰা ২ বজালৈ নিৰ্ধাৰন টিফিনৰ সময়সীমা।প্ৰবক্তা,অধ্যাপক আৰু অধ্যাপিকাৰ ক্ষেত্ৰত নতুন শিক্ষানীতিয়ে এটা সপ্তাহত কামৰ সময়সীমা নিৰ্ধাৰণ কৰিছে ৪০ ঘণ্টা। আভ্যন্তৰীণ মূল্যায়নৰ পৰীক্ষাৰ ফলাফল

এতিয়াৰ পৰা সস্তা হ’ব চিনেমা হলত খাদ্য, অনলাইন গেমিং, ঘোঁৰা দৌৰ আৰু কেচিনোৰ ওপৰত ২৮ শতাংশ জিএছটি আৰোপ

এতিয়াৰ পৰা সস্তা হ’ব চিনেমা হলত খাদ্য, অনলাইন গেমিং, ঘোঁৰা দৌৰ আৰু কেচিনোৰ ওপৰত ২৮ শতাংশ জিএছটি আৰোপ

জিএছটি পৰিষদৰ ৫০ তম বৈঠক মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত হৈছিল। এই বৈঠকৰ সভাপতিত্ব কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। আজিৰ এই বৈঠকত অনলাইন গেমিং, ঘোঁৰা দৌৰ আৰু কেচিনোৰ ওপৰত ২৮ শতাংশ জিএছটি আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে এতিয়াৰ পৰা চিনেমা হলত খাদ্য সস্তা হ’ব। জিএছটি পৰিষদে চিনেমা হলত খাদ্য