Advertisement

এতিয়াৰে পৰা নতুন শিক্ষানীতিৰ আধাৰত ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বৃদ্ধি হ’ব পাঠদানৰ সময়সীমা

এতিয়াৰে পৰা নতুন শিক্ষানীতিৰ আধাৰত ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বৃদ্ধি হ’ব পাঠদানৰ সময়সীমা

আন আন ৰাজ্যৰ নিচিনাকৈ চলিত বৰ্ষৰ পৰা অসমতো প্ৰযোজ্য হ’ল নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি। এতিয়াৰে পৰা পুৱা ৯ বজাৰ পৰা ৫ বজালৈ কৰিব লাগিব পাঠদান। দিনৰ ১ বজাৰ পৰা ২ বজালৈ নিৰ্ধাৰন টিফিনৰ সময়সীমা।প্ৰবক্তা,অধ্যাপক আৰু অধ্যাপিকাৰ ক্ষেত্ৰত নতুন শিক্ষানীতিয়ে এটা সপ্তাহত কামৰ সময়সীমা নিৰ্ধাৰণ কৰিছে ৪০ ঘণ্টা। আভ্যন্তৰীণ মূল্যায়নৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব লাগিব এসপ্তাহৰ ভিতৰত।চেমিষ্টাৰ পৰীক্ষাৰ বহী নিৰীক্ষণ কৰি জমা দিব লাগিব ১৫ দিনৰ ভিতৰত আৰু ১ মাহৰ ভিতৰত ঘোষণা কৰিব লাগিব পৰীক্ষাৰ ফলাফল।

অধ্যাপকে জুন আৰু ডিচেম্বৰ মাহত পৰীক্ষাৰ কামত জড়িত হব লাগিব। আন সময়ত ছাত্ৰ ছাত্ৰীক লগত লৈ ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰিব লাগিব। এই সমূহৰ উপৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত জড়িত লোকসকলে বিভিন্ন কাম কাজত ছাত্ৰ ছাত্ৰীৰ লগত জড়িত হব লাগিব।

Shahnawaz Hamza

Related