এনে বহু নিয়ম আৰু নীতি বাস্তু শাস্ত্ৰত কোৱা হৈছে, যাৰ বাবে ঘৰত ধনাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি পায়। বাস্তু শাস্ত্ৰত আচবাব, গছ-গছনি, পৰ্দা, পাকঘৰ, বাথৰুম, সজ্জা, চিত্ৰকলা আদিৰ দিশ, স্থান আৰু ৰক্ষণাবেক্ষণৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। বাস্তু নিয়ম মানি চলিলে ঘৰত সুখ আৰু সমৃদ্ধি আনে আৰু নেতিবাচক শক্তিয়ে ঘৰত ছাঁ নপৰে।
Month: July 2023
কলিয়াবৰৰ শালনা বন বিভাগৰ কাৰ্যালয়ত দূৰ্নীতিনিবাৰক আৰু তদাৰকী শাখাৰ অভিযান। দূৰ্নীতিনিবাৰকৰ জালত উচ্চপদস্থ বন বিষয়া। নগাঁৱৰ সহকাৰী বন সংৰক্ষক নেপাল মণ্ডলক গ্ৰেপ্তাৰ। ৫হাজাৰ টকা উৎকোছ লওতেই গ্ৰেপ্তাৰ মণ্ডলক। শালনা বনাঞ্চলিক বিষয়াৰ দায়িত্বতো আছিল মণ্ডল। দীৰ্ঘদিনে শালনাত কাৰ্যনিৰ্বাহ কৰিছিল মণ্ডলে। কনক হাজৰিকা নগাঁও
উদ্বেগৰ সমস্যাই আপোনাৰ কামত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ নেতিবাচক প্ৰভাৱ সম্পৰ্কৰ ওপৰতো পৰে। গতিকে এই সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰথমে ইয়াৰ কাৰণ জনা উচিত। উদ্বেগ: বেছিভাগ মানুহেই অভিযোগ কৰে যে উদ্বেগে তেওঁলোকক ৰাতি অধিক আমনি কৰে। চিন্তাই খাই পেলায়, এটা ভয় ৰৈ যায়। নিজৰ চিন্তাৰ ওপৰত যেন কোনো নিয়ন্ত্ৰণ নাথাকে
পৰিয়ালৰ লগত সংযোগ নাই সোণাৰি পাৰ্বতীপুৰৰ দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকনৰ। তিনিদিন ধৰি যোগাযোগ বিচ্ছিন্ন পৰিয়ালৰ সৈতে। সন্ধানহীন দম্পত্তীক উদ্ধাৰৰ বাবে চৰকাৰক আহ্বান উদ্বিগ্ন পৰিয়ালৰ। হিমাচল আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে পৰিয়ালে। আৰক্ষীৰ মতে সুৰক্ষিত আছে দেৱাশীষ ৰাজখোৱা, শিখা ফুকন। অৱশ্যে অভাৱনীয় পৰিস্থিতিৰ বাবেই পৰিয়ালৰ সৈতে যোগাযোগ কৰাবলৈ সক্ষম হোৱা
নিউজ ব্যুৰ’,নগাঁও,১১জুলাই:–নগাঁও জিলাৰ নৰোৱা বালিসত্ৰ উকা কৰি গুছি গ’ল বিশিষ্ট সাংবাদিক,সাহিত্যিক, গল্পকাৰ,ঔপন্যাসিক,ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° সাৰদানন্দ দেৱ গোস্বামীয়ে ৷ সোমবাৰে সন্ধিয়া হোজাইৰ হাম চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য যে ১৯৪৩ চনত নগাঁও জিলাৰ বটদ্ৰৱাৰ শ্ৰীশ্ৰী নৰোৱা বালিসত্ৰত জন্মগ্ৰহণ কৰা সাহিত্যিকগৰাকীয়ে পৰৱৰ্তী সময়ত হোজাইত নিগাজিকৈ থাকিবলৈ লয়