চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা; জীৱনৰ আদিপাঠ শিকা বিদ্যালয়ত নিৰ্মাণ কৰিলে অত্যাধুনিক শ্ৰেণী কোঠা 

1 min read

টীয়কৰ প্ৰতিবেদক ৩০ জুন /২৩

ডাঙৰ চাকৰি কৰি কেৱল নিজৰ সম্পত্তি,নিজৰ সামাজিক মৰ্যদা,নিজৰ পৰিয়াল তথা নিজৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত আদিবোৰৰ মাজতে ব্যস্ত নাথাকি সামাজিক দ্বায়বদ্ধতাৰ বিশেষভাৱে চৰ্চালৈ আহিছে যোৰহাটৰ এগৰাকী চৰকাৰী বিষয়া।হয়,বৰ্তমান ডিজিটেল যুগ।শিশুসকলক সৰুৰে পৰা ডিজিটেল পৃথিৱীৰ সৈতে চিনাকী কৰিবলৈ শিক্ষা বিভাগে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে।এনে সময়তে নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সময় উলিয়াই জীৱনৰ আদিপাঠ শিকা টীয়কৰ অন্যতম ঐতিহাসিক বিদ্যালয় টীয়ক মজলীয়া বালিকা বিদ্যালয়ত বিদ্যালয়খনত ৭০ দশকত অধ্যয়ন কৰা প্ৰাক্তন ছাত্ৰ বৰ্তমান যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মাই তেওঁৰ কেইবাগৰাকীও সহপাঠীৰ সহযোগত এটি অত্যাধুনিক ডিজিটেল শ্ৰেণী কোঠা নিৰ্মাণ কৰি আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে মুকলি কৰি দিছে।যোৰহাট জিলা বিদ্যালয়সমূহক পৰিদৰ্শক শুভলক্ষ্মী ৰাজকুমাৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী অভিভাৱকৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত এটা কম্পিউটাৰ,এটা ডিজিটেল টিভি,প্ৰজেক্টৰ,ইউপিএৰ লগতে সম্পূৰ্ণ সা সুবিধাৰে আচুতীয়াকৈ বিদ্যুত সংযোগ কৰি নিৰ্মাণ কৰা অত্যাধুনিক কোঠাটো আজি বিদ্যালয়ক আনুষ্ঠানিকভাৱে অৰ্পণ কৰি আদৰ্শ দাঙি ধৰিছে।উল্লেখযোগ্য যে ভাস্কৰ শৰ্মাকে প্ৰমুখ্য কৰি বাকীসকল সহপাঠী আজিৰ তাৰিখত কোনোজন যদি অধ্যাপক,কোনোজন সফল ব্যৱসায়ী আৰু কোনোজনে সাধাৰণ সৰু-বৰ কাম কাজ কৰি পেটে ভাতে খাই থকাৰ সত্তেও শৈশৱৰ বন্ধুত্বৰ এনাজৰী কটকটীয়াকৈ ৰাখি সকলো একত্ৰিত হৈ আজি নিজে পঢ়া বিদ্যালয়খনৰ প্ৰতি সামান্য সহযোগিতা আগবঢ়াইছে আৰু আগলৈও এইদৰে সাধ্য অনুসৰি অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।উল্লেখযোগ্য এই যে শ্ৰেণীকোঠাৰ সমান্তৰালকৈ বিদ্যালয়ৰ চৌহদত শুভাকাংক্ষীৰ দান বৰঙণিৰে এটি খোৱাপানীৰ প্ৰকল্প স্থাপন কৰি মহানুভৱতা প্ৰকাশ কৰিছে চৰকাৰী বিষয়াগৰাকীয়ে।ইপিনে আজি বিদ্যালয়ত উপস্থিত হৈ প্ৰতিজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অতীত ৰোমন্থন কৰি আনন্দিত হৈ পৰে।ইপিনে কৰ্ম ব্যস্ততাৰ মাজতে এইদৰে এইসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে নিজৰ পঢ়াশালি তথা সামাজিক যি দ্বায়িত্ব পালন কৰিছে সেয়া অতিশয় প্ৰসংশনীয় বুলি সকলোৱে অভিহিত কৰি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে আগলৈও এইদৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি যাব বুলি আশা প্ৰকাশ কৰিছে ৰাইজে।

You May Also Like

More From Author