টীয়কৰ পথৰ ওপৰতে দাও দাওকৈ জ্বলিল এখন বিলাসী বাহন

1 min read

টীয়কৰ প্ৰতিবেদক ৯ জুলাই /২৩

টীয়কৰ পথৰ ওপৰতে দাও দাওকৈ জ্বলিল এখন বিলাসী বাহন। জানিব পৰা মতে
বৈদ্যুতিক শ্বৰ্ত চাৰ্কিটৰ ফলত ভোগদৈ থানাৰ অন্তৰ্গত মেলেং বচাপথাৰত দাও দাও কৈ জ্বলিল বিলাসী বাহনখন। ডিব্ৰুগড় জিলাৰ প্ৰণিতা সন্দিকৈৰ নামত থকা হোণ্ডা বাহনখনত ঘটনাৰ সময়ত কোনো আৰোহী নাছিল বুলি ভোগদৈ আৰক্ষীয়ে জানিবলৈ দিছে । উল্লেখযোগ্য যে বাহনখন ডিব্ৰুগড় জিলাৰ পৰা টীয়কৰ সন্দিকৈ গাওঁলৈ আহিছিল পৰিয়ালটি।
দুৰ্ঘটনা সংঘটিত হোৱা গাড়ী খনৰ নম্বৰ AS06V8940 বুলি জানিব পৰা গৈছে।
ভোগদৈ আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।আৰক্ষীৰ প্ৰকৃত তদন্তৰ পিছত হে জানিব পৰা যাব অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ।

You May Also Like

More From Author