৩দিনীয়াকৈ 5th JKA INDIA ASSAM STATE KARATE CHAMPIONSHIP 2023 আয়োজন

1 min read

নাজিৰাৰ এম চি ক্লাবৰ প্ৰেক্ষাগৃহত ৭, ৮, আৰু ৯তাৰিখে ৩দিনীয়াকৈ 5th JKA INDIA ASSAM STATE KARATE CHAMPIONSHIP 2023 আয়োজন কৰে।

এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা আহি অংশগ্ৰহণ কৰিছেহি কেইবাশ প্ৰতিযোগীয়ে।

JKA INDIA ASSAM STATE KARATE CHAMPIONSHIP 2023 প্ৰতিযোগিতাখনত খেল সমূহ কাটা আৰু কুমিটি এই দুটা বিভাগত অনুষ্ঠিত হৈছে আৰু দুইটা বিভাগতে ল’ৰা আৰু ছোৱালী উভয়ে অংশগ্ৰহণ কৰিছে।

খেলৰ শেষত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান পোৱা প্ৰতিযোগীসকলক মেডেল, মানপত্ৰ আৰু ট্ৰফি প্ৰদান কৰা হয়। লগতে এই প্ৰতিযোগিতাখনত বিজয়ী প্ৰাৰ্থী সকলে আগন্তুক মুম্বাইত অনুষ্ঠিত হবলগীয়া ৰাজ্যিক প্ৰতিযোগিতা খেলিবলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হব।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।

You May Also Like

More From Author