গোসাইগাঁৱৰ গকুলকাটা ব্লকত এজন লোকক দলবদ্ধ আক্ৰমনঃ

1 min read

 

 

গোসাইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত গকুলকাটা ব্লকত কালি বিয়লি ভূমি বিবাদক কেন্দ্ৰ এজন লোকক দলবদ্ধ ভাবে আক্ৰমন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷শিমুল টাপু আৰক্ষী চকীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ নিবাসী নৰেন সৰকাৰ আৰু ইদৰিছ আলী সেখৰ পৰিয়ালৰ মাজত এডোখৰ মাটিক লৈ কিছুদিনৰ পৰা মতানৈক্য চলি আছিল ৷ উক্ত মাটিক লৈ কালি দিনৰ ভাগত পথাৰতে নৰেন সৰকাৰ আৰু ইদৰিছ আলীৰ মাজত বাক বিতণ্ডা হয় ৷ কিছু সময় পাছত নৰেন সৰকাৰ নিজ গৃহত উপস্থিত হোৱাৰ পাছতেই ইদৰিছ আলীয়ে পৰিয়লাৰ আঠজন সদস্যক লৈ নৰেন সৰকাৰৰ গৃহত উপস্থিত হৈ ঘৰৰ দুৱাৰ ভাঙি নৰেন সৰকাৰক দলবদ্ধভাৱে আক্ৰমন চলায় ৷ আক্ৰমণত তেজেৰে লুতুৰি পুতুৰি হৈ নৰেন সৰকাৰ মাটিত ঢলি পৰে ৷ পিছত পৰিয়ালো লোকে নৰেন সৰকাৰক গোসাইগাঁও আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰে ৷আৰক্ষীয়ে ঘটনাৰ সৈতে জৰিত ইদৰিছ আলী আৰু তেৱৰ পত্নী মমতাজ বিবি,পুত্ৰ মনতাজ আলী সেখৰ লগতে পৰিয়ালৰ আন সদস্য ক্ৰমে ময়নাল সেখ,ফজৰ আলী ফকিৰ,কুদ্দুছ আলী সেখ,ৰফিকুল ইছলাম ফকিৰ,ৰহিমা বিবিক আটক কৰিছে ৷

You May Also Like

More From Author