মানুহৰ পূৰ্বপুৰুষৰ ৩ মিলিয়ন বছৰৰ পূৰ্বেই আবিৰ্ভাৱ

1 min read

মানুহৰ পূৰ্বপুৰুষৰ ৩ মিলিয়ন বছৰৰ পূৰ্বেই আবিৰ্ভাৱ

কেনিয়াৰ নায়াংগা প্ৰত্নতাত্বিক অঞ্চলত ৩.০৩২ ৰ পৰা ২.৫৮১ মিলিয়ন বছৰ আগতে হ’ম’ছেপিয়েনছৰ পূৰ্বপুৰুষে ব্যৱহাৰ কৰা সৰঞ্জামৰ সন্ধান পোৱা গৈছে৷

এই আৱিষ্কাৰৰ ফলত মানুহৰ পূৰ্বপুৰুষ হ’মিনিডৰ আবিৰ্ভাৱৰ কাল পঞ্চাছ হাজাৰ বছৰ অধিক আগুৱাই গৈছে৷ ২০১৫ৰ পৰা আৰম্ভ কৰা খননৰ সময়ছোৱাত ৩৩০টা সামগ্ৰী লাভ কৰা গৈছে৷ সামগ্ৰীসমূহৰ ভিতৰত ১৭৬ ডাল হাড় আৰু হনুৰ অংশ আছে৷

খঙননত লাভ কৰা শিলৰ হাতিয়াৰৰ বয়স ২.৯ মিলিয়ন বৰ্ষ বুলি অনুমান কৰা হৈছে৷ এইবোৰ ওল্ড’ৱান হাতিয়াৰৰ অন্যতম প্ৰাচীন নিদৰ্শন বুলি কোৱা হৈছে৷ মানৱসদৃশ পেৰান’থ্ৰপাছে এই হাতিয়াৰসমূহ ব্যৱহাৰ কৰিছিল৷

কেনিয়াত পোৱা পেৰান’থ্ৰপাছৰ অস্থি এতিয়ালৈকে আৱিষ্কাৰ হোৱাবোৰৰ ভিতৰত প্ৰাচীনতম বুলি উল্লেখ কৰা হৈছে৷।

You May Also Like

More From Author