আজিৰে পৰা আৰম্ভ অসম আৰক্ষীৰ BMI টেষ্ট। ৰাজ্যৰ ৩৫টা স্থানত স্থাপন কৰা হ’ব বিশেষ কেম্প

1 min read

আজিৰে পৰা ৰাজ্যজুৰি আৰক্ষীৰ BMI পৰীক্ষা আৰম্ভ হ’ব। গুৱাহাটীৰ চতুৰ্থ আৰক্ষী বাহিনীৰ মুখ্যকাৰ্যালয়ৰ পৰা আৰক্ষী সঞ্চালক প্ৰধান (DGP) জিপি সিঙে BMI পৰীক্ষা আনুষ্ঠানিকভাবে মুকলি কৰিব।

ৰাজ্যৰ ৩৫টা স্থানত সকলো আৰক্ষী বিষয়াসকলৰ শাৰীৰিক সক্ষমতা পৰীক্ষা তথা BMI পৰীক্ষা কৰা হ’ব ৷ ইয়াৰ বাবে গুৱাহাটীৰ চতুৰ্থ আৰক্ষী বেটেলিয়ানত (4th APBN) ২টা কেন্দ্ৰ, দশম আৰক্ষী বেটেলিয়ানত ২টা কেন্দ্ৰ, জালুকবাৰী বন বিভাগৰ প্ৰশিক্ষন কেন্দ্ৰত ১টা কেন্দ্ৰ, পানিখাইটি CTIত ১টা কেন্দ্ৰ আৰু মহানগৰ আৰক্ষীৰ ৰিজাৰ্ভত ১টাকৈ পৰীক্ষা কেন্দ্ৰ থাকিব। এই পদক্ষেপৰ উদ্দেশ্য হৈছে অসম আৰক্ষীত যাতে কোনো মেদবহুল বিষয়া–জোৱান নাথাকে আৰু সকলোৱে স্বাস্থ্যৱান তথা ফিট থাকি নিজ সেৱা আগবঢ়াব পাৰে। বিশেষকৈ অসম আৰক্ষীত দক্ষ শক্তি সৃষ্টি কৰাৰ উদ্দেশ্যৰেও এনে সদ্ধান্ত লোৱা হৈছিল।
দৰাচলতে, অসম আৰক্ষীৰ সকলো কৰ্মচাৰী আৰু বিষয়াসকলক তেওঁলোকৰ শাৰিৰীক সক্ষমতাৰ পৰীক্ষা অৰ্থাৎ BMI (Body Mass Index ) সংশোধন কৰিবলৈ নিৰ্দেশনা দিয়া হৈছিল। ইয়াৰ বাবে IPS আৰু APS বিষয়াৰ পৰা আৰম্ভ কৰি আৰক্ষী বাহিনীৰ জোৱান সকলোকে মাত্ৰ তিনি মাহৰ সময় দিয়া হৈছিল।

১৬ আগষ্টৰ পৰা ৩০ আগষ্টলৈ আৰক্ষীৰ সকলো বিষয়াসকলৰ BMI মূল্যায়ন আৰম্ভ কৰা হ’ব। BMI পৰীক্ষাত বিফল হোৱা অৰ্থাৎ মেদবহুল আৰক্ষী বিষয়া বা জোৱানসকল BMI ৩০+ শ্ৰেণীত পৰিলে তেওঁলোকক ওজন হ্ৰাস কৰিবলৈ নৱেম্বৰ মাহলৈ আকৌ তিনি মাহ সময় দিয়া হ’ব। ইয়াৰ পিছতো যিসকলে নিজৰ স্বাস্থ্য নিৰ্ধাৰিত অৱস্থালৈ ঘূৰাই আনিব নোৱাৰিব তেওঁলোকক অযোগ্য ঘোষণা কৰি বাধ্যতামূলক স্বেচ্ছামূলক অৱসৰ (VRS) দিয়াৰ ব্যৱস্থা কৰা হ’ব। অৱশ্যে থাইৰইড আদিৰ দৰে যুক্তিসংগত চিকিৎসাজনিত কাৰণ থাকিলে সেইসকল মেদবহুল আৰক্ষী বিষয়া- জোৱানসকলৰ বাবে ৰেহাইৰ ব্যৱস্থা কৰা হ’ব।
উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Dr. Himanta Biswa Sarma) ৰাজ্যখনৰ মেদবহুল আৰু সুৰাপান কৰা আৰক্ষীসকলক দিয়া সতৰ্কবাণীৰ পিছত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে এই নিৰ্দেশনা জাৰি কৰিছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল যে, অসম আৰক্ষীৰ কৰ্মচাৰীসকল যিসকল ‘‘অভ্যাসগত সুৰাপানকাৰী’’ আৰু ‘‘শাৰীৰিকভাৱে অযোগ্য’’ তেওঁলোকক অধিক দক্ষ শক্তি সৃষ্টিৰ লক্ষ্যৰে স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰা হ’ব।
মুখ্যমন্ত্ৰীৰ মতে, ৰাজ্যত প্ৰায় ৩০০ জন আৰক্ষী কৰ্মী আছে যাক VRS (Voluntary Retirement Scheme ) প্ৰদান কৰা হ’ব পাৰে আৰু পদবোৰ নতুন নিযুক্তিৰে পূৰ্ণ কৰা হ’ব। অৱশ্যে, ৰাজ্যিক আৰক্ষীয়ে এনে ৬৫০ টা নামৰ এখন তালিকা চূড়ান্ত কৰিছিল যাৰ BMI নিৰ্ধাৰিত নিয়ম অনুসৰি নাছিল। কিন্তু আজিৰ পৰা পোন্ধৰদিনলৈ হ’বলগীয়া BMI টেষ্টৰ ফলাফলৰ পিছতহে সকলো স্পষ্ট হ’ব যে কোন আৰু কিমানগৰাকী আৰক্ষী সফল তথা বিফল হৈছে।

You May Also Like

More From Author