সৰ্বস্তৰৰ জনতাৰ মূৰত মাধমাৰ। ধৰাবাহিকভাৱে বৃদ্ধি ঔষধৰ মূল্য। ১০-২০ শতাংশ বৃদ্ধি জীৱন দায়িনী ঔষধৰ মূল্য। অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ লগে লগে পুনৰ বৃদ্ধি পালে জীৱন দায়িনী ঔষধৰ মূল্য। ছমাহৰ পিছত পুনৰ ২০ শতাংশ বৃদ্ধি পালে কেইববিধ ঔষধৰ মূল্য।
বিশেষকৈ FDC, জনছন এণ্ড জনছন, গ্লেক্স’ আদি কোম্পানীৰ ঔষধৰ ব্যাপক হাৰত হৈছে মূল্য বৃদ্ধি। লগতে,জ্বৰ, চৰ্দি, কাহৰ লগতে মধুমেহ, ৰক্তচাপ, গেষ্ট্ৰিকৰ ঔষধৰো দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোম্পানীসমূহে।এই পৰ্যন্ত দাম বৃদ্ধিৰ তালিকা আহি পৰা নাই ড্ৰাগছ ডিলাৰ সমূহৰ হাতত।কিন্তু আহিলেই বৃদ্ধি কৰিব এই সমূহ ঔষধৰ মূল্য। কেৱল এইবাৰেই নহয়। ইয়াৰ পূৰ্বেও ৰাইজৰ চকুত নপৰাকৈ মূল্য বৃদ্ধি হৈ ঔষধ সমূহৰ। কিন্তু, এইবাৰ হঠাৎ ২০ শতাংশ বৃদ্ধি হোৱাৰ বাবে চুকত পৰিছে সাধাৰণ ৰাইজৰ। বহু ঔষধৰ খুচুৰা মূল্য হঠাৎ বৃদ্ধি পোৱাত এতিয়া বহুতৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। উল্লেখযোগ্য যে,বিগত এটা বছৰত বিশেষকৈ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে জ্বৰ, চৰ্দি, কাহৰ লগতে মধুমেহ, ৰক্তচাপ, গেষ্ট্ৰিকৰ দৰে ঔষধসমূহ।ইফালে,পৰৱৰ্তী সময়ত আন আন কোম্পানীৰ ঔষধৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।