“শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটি”ৰ নৱম বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

1 min read

নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই :–উত্তৰ-পূব ভাৰতৰ সৰ্ব্ববৃহৎ ধর্মীয়-সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘই সংঘৰ সকলো সংগীকে আর্থিক দিশত সবল কৰাৰ মূল উদ্দেশ্যে অসম চৰকাৰৰ সমবায় বিভাগৰ দ্বাৰা “অসম ০৩ অফ্ ২০১৪-১৫ তাৰিখ–১১ ফেব্ৰুৱাৰী,২০১৫” নম্বৰত ৰাজ্যিক ভিত্তিত পঞ্জীয়ন লাভ কৰি “শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্রেডিট কো-অপাৰেটিভ চ’চাইটি লিমিটেড” নামেৰে এটা বিত্তীয় অনুষ্ঠানৰ জন্ম দিয়ে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাৰ্যনিৰ্ব্বাহক সভাৰ অনুমোদন সাপেক্ষে আৰু অসম সমবায় সমিতিসমূহৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰামৰ্শ অনুযায়ী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো সংগীকে এই সমিতিৰ অংশীদাৰ কৰোৱা,অংশীদাৰসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা, ব্যৱসায়-বাণিজ্যৰ দ্বাৰা সমিতিৰ পুঁজি উন্নয়ন ঘটোৱাৰ লগতে ইতিমধ্যে অংশীদাৰসকলৰ আর্থিক উন্নয়নৰ বাবে চ’চাইটিৰ ঋণ নীতি আধাৰত বিভিন্ন শিতানত ২৬টা শাখাৰ জৰিয়তে ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছে “শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্রিট এণ্ড ক্রেডিট কোঃ অপাৰেটিভ চ’চাইটি লিমিটেডে” ২০১৫চনৰ ১১ফেব্ৰুৱাৰীত পঞ্জীয়ন লাভ কৰি সূচাৰুৰূপে ৮টা বছৰ অতিক্ৰম কৰিছে ৷ “শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্রিটফ এণ্ড ক্রেডিট কো-অপাৰেটিভ চ’চাইটি লিমিটেড”ৰ ৰবিবাৰে নৱম বার্ষিক সাধাৰণ সভা অনুষ্ঠিত হয় । “শ্ৰীমন্তশঙ্কৰদেৱ সংঘ থ্ৰিফট এণ্ড ক্ৰেডিট কো অপাৰেটিভ চ’চাইটিৰ লিমিটেড”ৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা,উপ-পদাধিকাৰ চক্ৰধৰ সোণোৱাল,প্রধান সম্পাদক কুশল ঠাকুৰীয়া,যুটীয়া সম্পাদকদ্বয় দেৱঞ্জন বৰা,দিলীপ বৰা,চচাইটিৰ উপাধ্যক্ষ সদানন্দ বৈশ্য প্রমূখ্যে সঞ্চালকসকল-আইমাতৃসকল, নগাঁও সমবায় সমিতিসমূহৰ উপ-পঞ্জীয়ক বিশ্বজিৎ চক্ৰৱৰ্তী, বিভাগীয় পর্যবেক্ষক বকুল বৰা, অংশীদাৰীত্ব বাপ-আই,সংগ্ৰাহক আৰু বিষয়া-কৰ্মচাৰীবৃন্দ উপস্থিত থাকে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই বাৰ্ষিক সাধাৰণ সভাখনি উদ্ধোধন কৰি ভাষণ প্ৰসংগত কয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বহু কষ্ট আৰু ত্যাগৰ বিনিময়ত এই চ’চাইটিখন গঢ়ি তোলা হৈছে ৷ বহু অসমীয়া মানুহে সঞ্চয়ৰৰ প্ৰতি আগ্ৰহী নহয় ৷ চ’চাইটিখনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ-আইমাতৃ সকলক ঋণ ল’বলৈ জনাই ঠাকুৰীয়াই লগতে কয় যে অৱশ্যে ঋণ ল’বলৈ কাকো সহজলভ্য কৰিব নালাগে ৷ তেওঁ সকলোকে চ’চাইটিখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায়-সহযোগিতা কামনা কৰে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই ভাষণ প্ৰসংগত কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই জাতিটোক অৰ্থনৈতিক বিপ্লৱৰ পথ দেখুৱাই গৈছিল ৷ আজি আমি গুৰুজনাৰ আদৰ্শই যি অৰ্থনৈতিক আদৰ্শৰ বাট বুলিব লাগিছিল সেয়া আমি কৰিব পৰা নাই ৷ আজি আমাৰ জাতিটো অৰ্থনৈতিক ভাৱে বহু পিছ পৰি ৰৈছো ৷ সাধাৰণ সভাতে “শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটি”ৰ সৰ্ব্বাংগীণ উন্নয়নৰ বাবে বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ নৱম বাৰ্ষিক সাধাৰণ সভাতে পৰিচালন সঞ্চালকৰ প্ৰতিবেদন পাঠ কৰে “শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটি লিমিটেড”ৰ পৰিচালন সঞ্চালক মমতা বৰকাকতী আৰু ২০২২-২৩ বিৰ্ত্তীয় বৰ্ষৰ আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ হিচাপ দাখিল কৰে তোষেশ্বৰ বৰাই । মৰিগাঁৱৰ জনাৰ্দন কলিতাই বৰগীত পৰিৱেশনেৰে মঞ্চ মুকলি কৰা সাধাৰণ সভাত ৰাজ্যৰ ২৬খন জিলাৰ ২৬টা শাখাৰ পৰা অহা প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে ৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ভৱেন বৰদলৈয়ে । উল্লেখ্য যে বৰ্তমান চচাইটিখনে ১৮,৮৯,৮১,৪৮৮,০৭৮টকাৰ বিত্তীয় লেনদেন কৰি আছে। অন্যহাতে এপেক্স বেঙ্কৰ নগাঁও শাখাত ৪,২৪,৪২,৩৫৪ টকা আৰু ভাৰতীয় ষ্টেট বেঙ্কৰ হয়বৰগাঁও শাখাত ৩,৮৮,৮৪,৪৭৫ টকা স্থায়ী জমা আছে আছে বুুলি বাৰ্ষিক সাধাৰণ সভাত চ’চাইটিৰ সঞ্চালক মমতা বৰকাকতীয়ে উল্লেখ কৰে ৷ এই সভাতে চ’চাইটিৰ লাভৰ মুঠ অংশৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাৰ্যালয়লৈ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া আৰু পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ হাতত ২লাখ টকাৰ এখন চেক প্ৰদান কৰে চ’চাইটিৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাই ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author