শ্বপিং মলত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। বোৰ্খা পিন্ধি মহিলাৰ প্ৰস্ৰাৱগাৰত প্ৰৱেশ কৰে এজন যুৱকে। যুৱকজনে গোপনে ল’লে মহিলাৰ ভিডিঅ’। ভিডিঅ’ লোৱাৰ সময়তে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। IT কোম্পানীত কৰ্মৰত আছিল অভিমন্য নামৰ যুৱকজন।যুৱকজনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মোবাইলসহ কেমেৰা। স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে প্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিমন্যক।
কেৰেলা আৰক্ষীয়ে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ধৃত যুৱকজনক। কেৰেলাৰ লুলুমলত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। সম্পূৰ্ণ মহিলাৰ বেশেৰে প্ৰৱেশ কৰিছিল মহিলাৰ প্ৰস্ৰাৱগাৰত। আৰক্ষীৰ সন্মুখত ভিডিঅ’ গ্ৰহণ কৰাৰ কথা স্বীকাৰ কৰিছে যুৱকজনে। প্ৰস্ৰাৱগাৰত লুকুৱাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে মোবাইল ফোন।