ৰাখী বন্ধনত ভগ্নীক ব্যক্তিগতকৃত ফটো ফ্ৰেম হিচাপে দিব পাৰে। পুৰণি স্মৃতি সজীৱ কৰি আপুনি ভগ্নী তথা আপোনালোক দুয়োৰে এখন ফটো ফ্ৰেম কৰাই উপহাৰ দিব পাৰিব।
এই উত্সৱত ৰাখী থালি আটাইতকৈ গুৰুত্বপূৰ্ণ অংশবোৰৰ ভিতৰত এটা। ভগ্নীসকলে ৰাকী থালি সজাব লাগে আৰু ইয়াত সকলো অত্যাৱশ্যকীয় পূজা সামগ্ৰী ৰাখিব লাগে। ইই সামগ্ৰীবোৰৰ বিষয়ে জানো আহক
ভগ্নীসকলে ভাতৃক পৰিৱেশ অনুকূল ৰাখী (Eco Friendly Rakhi) বান্ধিব পাৰে। এনে ৰাখীত গছ পুলিৰ বীজ (Plantable Rakhi) থাকে যিবোৰ উৎসৱ পিছত ৰোপণ কৰিব পাৰে। এই বীজ যিমানে বাঢ়িব, আপোনালোকৰ মাজত সিমানেই বা তাতোকৈ অধিক মৰম আৰু স্নেহ বৃদ্ধি পাব।
আপুনি নিজ হাতেৰে ৰাখী সাঁজিব পাৰে। নিজ ইচ্ছা অনুসৰি ডিজাইন কৰি ভাতৃক ৰাখী বান্ধিব পাৰে, ইয়ে তেওঁলোকক বহুত বিশেষ অনুভৱ কৰাব।
যদি আপুনি নিজ ভাতৃৰ পৰা আঁতৰত আছে, তেন্তে ভাৰচুৱেলী আপুনি ৰাখী পঠিয়াব পাৰে। অৱশ্যে, আপুনি আগতীয়াকৈ দূৰৈত থকা ভাতৃক পোষ্টযোগে ৰাখী পঠিয়াব পাৰে। সেইদৰে ভাতৃয়েও দূৰৈত থকা ভগ্নীক আগতীয়াকৈ ৰাখী উপহাৰ পঠাব পাৰে।
আপুনি ভগ্নীক কেইবাটাও উপহাৰেৰে এটা gift hamper দিব পাৰে। ইয়াত ভগ্নীয়ে ভালপোৱা বস্তু অথবা মেকআপ তথা আন প্ৰয়োজনীয় বস্তু উপহাৰ দিব পাৰে।
আপুনি এই ৰাখীত দৰিদ্ৰ শিল্পী তথা এনে প্ৰতিষ্ঠানৰ পৰা ৰাখী ক্ৰয় কৰিব পাৰে যিয়ে প্ৰয়োজনীয় তথা দৰিদ্ৰ শ্ৰেণীৰ লোকক সহায় কৰে। এনে কৰিলে আপুনি সমাজকো সহায় কৰাৰ দৰে হ’ব।
আপুনি ৰাখীৰ উপহাৰ হিচাপে ভগ্নীক এটা পাত্ৰত কেইবাটাও টোকা লিখি উপহাৰ হিচাপে দিব পাৰে। এই টোকাবোৰত নিজৰ মৰম, ভালপোৱা, আৰু ক’বলগীয়া কথাবোৰ প্ৰকাশ কৰি ভগ্নীক বিশেষ অনুভৱ কৰাব পাৰে।
আপুনি ভগ্নীক দুঃসাহসিক অভিযানৰ বাবে টিকট কৰি দিব পাৰে। যদি ইচ্ছা কৰে দুয়ো তথা পৰিয়ালৰ সৈতে কোনো স্থালনৈ ফুৰিব যাবও পাৰে। (Adventure trip)
ৰাখীৰ দিনা ভাতৃ–ভগ্নীয়ে ইজনে শিজনৰ বাবে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিব পাৰে। লগতে গানও প্ৰেৰণ কৰিব পাৰে, বা নিজে গান গাইও তেওঁলোকৰ দিন বিশেষ কৰিব পাৰে।