অসমত ঢেকীয়াপতীয়া বাঘ আছে ২২৭টা

1 min read

নিউজ ব্যুৰ’,নগাঁও,৪আগষ্ট:–বাঘ সংৰক্ষণৰ ক্ষেত্ৰত অসমৰ বাবে এটা ভাল খবৰ । ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ সমীক্ষা মতে অসমত বৰ্তমান ঢেকীয়াপতীয়া বাঘৰ সংখ্যা ২২৭ টা ৷ প্ৰতি চাৰিবছৰৰ ব্যৱধানত কৰা বাঘ গণনাৰ তথ্য অনুসৰি ২০০৬ চনত অসমত বাঘৰ সংখ্যা আছিল ৭০ টা আৰু ২০২২ চনৰ সমীক্ষাত ২২৭ টালৈ বৃদ্ধি হ’ল । ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ চমুকৈ এন টি চি এ ৰ শেহতীয়া তথ্যত এই কথা প্ৰকাশ কৰা হৈছে । তথ্য অনুসৰি অসমৰ চাৰিখন টাইগাৰ ৰিজাৰ্ভৰ ভিতৰত কাজিৰঙা টাইগাৰ ৰিজাৰ্ভেও বাঘ সংৰক্ষণৰ দিশত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নগাঁও ৱাইল্ড লাইফ ডিভিজনৰ অন্তৰ্গত লাওখোৱা বুঢ়া চাপৰি, বাগছেৰ সংৰক্ষিত বনাঞ্চলক সামৰি কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বাঘৰ সংখ্যা বৰ্তমান ১৩৬ৰ পৰা ১৪২টা ৷ অৱশ্যে কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যাৰ বিশেষ তাৰতম্য নহ’ল ৷ ৰাষ্ট্ৰীয় উদ্যানখনত পূৰ্বৰ ১০৪টাৰ পৰা ১০৬টাৰ ভিতৰতে সীমাবদ্ধ থাকিল বাঘৰ সংখ্যা । বন বিভাগৰ মতে ইয়াৰ কাৰণ বাঘৰ পৰ্যাপ্ত বিচৰণ ভূমিৰ অভাৱ ৷ এনে পৰিস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনাও নাই ৷ কিন্তু ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণ দিশৰ কাৰ্বি আংলঙত বাঘ বিচৰণৰ উপযুক্ত পৰিবেশ গঢ় দিব পাৰিলে বাঘৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ তদুপৰি বেদখল মুক্ত কৰা ওৰাং, লাওখোৱা আদিত বাঘৰ বাবে উপযুক্ত পৰিবেশ সৃষ্টি হ’ব বুলি আশাবাদী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ উল্লেখযোগ্য যে সাধাৰণতে কেমেৰা ট্ৰেপিঙৰ জৰিয়তে বাঘৰ গণনা কৰা হয় যদিও এইবাৰ বাঘ গণনা ব্যৱস্থা কৰা হৈছে SECR পদ্ধতি ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ দাবী যে ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ পাৰ আৰু চৰচাপৰি সমূহত সঠিক ভাৱে গণনা কৰিলে বাঘৰ সংখ্যা আৰু বৃদ্ধি পাব ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author