পৰাধীন ভাৰতবৰ্ষৰ নাগৰিকসকলে বগা চাহাবৰ শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে যেতিয়া আন্দোলনত জঁপিয়াই পৰিছিল, সেই সময়তে শৈশৱ আৰু কৈশোৰৰ সন্ধিক্ষণৰ সময়তে আমাৰ মুলুকৰ সেই সময়ৰ ব্ৰিটিছ ইণ্ডিয়াৰ অবিভক্ত নগাঁও জিলাৰ বাৰপূজীয়াত পিতৃ স্বাধীনতা সংগ্ৰামী বীৰ সিং ডেকাৰ পদাংক অনুকৰণ কৰি জনতাৰ মিছিলত চামিল হৈছিল এগৰাকী কণমানি । নাম আছিল পদ্মাৱতী ডেকা। পুৱাই ঘৰৰ পৰা ওলাই কণ কণ শিশু, যুৱক-যুৱতী, আবাল-বৃদ্ধ-বনিতাৰ সৈতে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল পদ্মাৱতী । সকলোৰে মুখেৰে নিগৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ অমৰ সৃষ্টি বিশ্ব বিজয়ী নৱ জোৱান গীতটি। পদ্মাৱতীৰ পিতৃ ঘৰৰ পৰা ওলাই হাজাৰজনৰ সৈতে গুৱাহাটীৰ পাণ্ডুত গান্ধীজীৰ অমৃত বাণী শুনিবলৈ যাত্ৰা কৰাৰ কথাবোৰে তেওঁৰ মন-প্ৰাণ দৃঢ় কৰি তুলিছিল। ১৯৪৭ৰ ১৫ আগষ্টৰ দিনা শিৰনত কৰি ব্ৰিটিছে স্বাধীনতা ঘোষণা কৰিলে। নীলিম আকাশৰ পৰা ২০০ বছৰীয়া ইউনিয়ন জেক অৱনমিত হ’ল। বতাহত উৰিল তিৰংগা পতাকা। কিন্তু স্বাধীন ভাৰতত স্বাধীন নাগৰিকৰ ব্যস্ততাৰ মাজত যেন পাহৰণিৰ গৰ্ভত হেৰাই গ’ল পদ্মাৱতী ডেকাসহ বহুজনৰ সাহস আৰু দৃঢ়তাৰ কাহিনী। পাহৰণিৰ গৰ্ভত হেৰাই যোৱা স্বাধীনতা সংগ্ৰামী পদ্মাৱতী ডেকাৰ বয়স আজি ১০২ বছৰ। জীৱনৰ অন্তিম ক্ষণ গণিছে আইতাই। কিন্তু তেওঁৰ পৰিয়ালৰ এটাই ক্ষোভ- আজিলৈকে কোনো এখন চৰকাৰে আইতাক নজনালে প্ৰাপ্য সন্মান। আজিলৈকে লাভ নকৰিলে মুক্তিযুঁজাৰুৰ সন্মান। জীৱনৰ বিয়লি বেলাত এক পাৰ হৈ যোৱা ইতিহাসৰ গৌৰৱোজ্জ্বল সময়ৰ জীৱন্ত সাক্ষী আইতা পদ্মাৱতী ডেকাক বৰ্তমানৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাপ্য সন্মান প্ৰদান কৰাৰ লগতে মুক্তিযুঁজাৰু হিচাপে ঘোষণা কৰিব বুলি গভীৰ আশা ব্যক্ত কৰিছে তেওঁৰ পুত্ৰ লক্ষিত ডেকাই।
চৰকাৰী স্বীকৃতিৰ পৰা আজিও উপেক্ষিত মৰিগাঁৱৰ ১০২ বছৰীয়া স্বাধীনতা সংগ্ৰামী পদ্মাৱতী ডেকা
Posted on by GTM Desk

1 min read
You May Also Like
জহা চাউল খোৱা লোকৰ ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ ৰোগৰ প্ৰাদুৰ্ভাৱ কম
December 7, 2023
লিভাৰ সুৰক্ষিত কৰি ৰাখিবলৈ এই কেইবিধ খাদ্য গ্ৰহণ কৰক
December 7, 2023
হৃৎপিণ্ড সুস্থ আৰু সবল কৰি ৰাখিবলৈ কেনে আহাৰ গ্ৰহণ কৰিব লাগে?
December 7, 2023
More From Author
জহা চাউল খোৱা লোকৰ ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ ৰোগৰ প্ৰাদুৰ্ভাৱ কম
December 7, 2023
লিভাৰ সুৰক্ষিত কৰি ৰাখিবলৈ এই কেইবিধ খাদ্য গ্ৰহণ কৰক
December 7, 2023
হৃৎপিণ্ড সুস্থ আৰু সবল কৰি ৰাখিবলৈ কেনে আহাৰ গ্ৰহণ কৰিব লাগে?
December 7, 2023