সন্ধানহীন হৈ থকা মহাৰাষ্ট্রৰ বিজেপিৰ সংখ্যালঘু গোটৰ মুৰব্বী ছানা খানক লৈ অৱশেষত আৰক্ষীয়ে শুংসূত্র লাভ কৰিবলৈ সক্ষম হৈছে৷ তদন্তকাৰী জবলপুৰ আৰক্ষীয়ে প্রকাশ কৰা মতে, বিগত সপ্তাহৰ পৰা সন্ধানহীন হৈ থকা বিজেপি নেত্রী ছানা খানক তেওঁৰ স্বামীয়ে কোবাই হত্যা কৰি নদীত মৃতদেহ পেলাই দিছিল৷ জবলপুৰ আৰু নাগপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই বিজেপি নেত্রী ছানা খানক হত্যা কৰাৰ মূল অভিযুক্ত অমিত ওৰফে পাপু চাহুক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে ছানা খানে মহাৰাষ্ট্রৰ নাগপুৰৰ পৰা মধ্যপ্রদেশৰ জবলপুৰলৈ অমিতক লগ কৰিবলৈ গৈছিল ৷ দুদিনতে ছানা খানে উভতি অহাৰ কথা আছিল যদিও উভতি অহা নাছিল৷ পৰিয়ালৰ লোকে এই সন্দর্ভত নাগপুৰ আৰক্ষীক অভিযোগ দিয়াত নাগপুৰ আৰক্ষীয়ে জবলপুৰ আৰক্ষীৰ লগত সম্পর্ক কৰে৷ ইয়াৰ পিছতে সন্ধান চলাই ছানা খানক হত্যা কৰা বুলি নিশ্চিত কৰি হত্যাকাৰী স্বামী অমিতক গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে অমিতৰ সুৰাৰ চোৰাং ব্যৱসায় আৰু পথৰ দাঁতিত চাহৰ দোকান আছে৷ বিবাহপাশত আবদ্ধ হোৱা অমিতে ধনক লৈ ছানা খানৰ সৈতে কাজিয়াত লিপ্ত হৈছিল আৰু হত্যা কৰি হিৰণ নদীত মৃতদেহ পেলাই দিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে৷
স্বামীয়ে হত্যা কৰি নদীত পেলাই দিছিল : জবলপুৰ আৰক্ষী
Posted on by GTM Desk

0 min read
You May Also Like
ম্যানমাৰ’ৰ মন্তব্যক লৈ কপিল ছিবালক ক্ষমা খুজিবলৈ দাবী দেৱব্ৰত শইকীয়াৰ
December 10, 2023
মিত্ৰতা নকৰালৈকে হাৰিয়েই থাকিব কংগ্ৰেছ : বদৰুদ্দিন আজমল
December 10, 2023
গুৱাহাটী হ’ব ক্লীন, নাথাকিব ডাষ্টবিন!
December 10, 2023
More From Author
ম্যানমাৰ’ৰ মন্তব্যক লৈ কপিল ছিবালক ক্ষমা খুজিবলৈ দাবী দেৱব্ৰত শইকীয়াৰ
December 10, 2023
মিত্ৰতা নকৰালৈকে হাৰিয়েই থাকিব কংগ্ৰেছ : বদৰুদ্দিন আজমল
December 10, 2023
গুৱাহাটী হ’ব ক্লীন, নাথাকিব ডাষ্টবিন!
December 10, 2023