প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰা বাবেই ছাত্ৰীক চোকা অস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰা ভণ্ড প্ৰেমিক অৱশেষত গোলাঘাট আৰক্ষীৰ জালত পৰিল। এই ঘটনা গোলাঘাট জিলাৰ কমাৰবন্ধাৰ। প্ৰাপ্ত অভিযোগ মতে, গোলাঘাট কমাৰবন্ধা বামুণগাঁৱৰ পংকজ বৰা নামৰ এজন যুৱকে বিগত কিছুদিন ধৰি এগৰাকী স্কুলীয়া ছাত্ৰীক দি আহিছিল প্ৰেমৰ প্ৰস্তাৱ। ছাত্ৰীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত ছাত্ৰীগৰাকীক দীৰ্ঘদিনে লম্পট পংকজে কৰি আহিছিল মানসিক হাৰাশাস্তি । কেৱল সিমানতেই ক্ষান্ত নাথাকি এইবাৰ ছাত্ৰীগৰাকীৰ কনিষ্ঠ ভগ্নীকো স্কুললৈ যোৱা পথত পংকজে আগভেটি ধৰি ভাৰাতীয়া গুণ্ডা লগাই চোকা অস্ত্ৰ দেখুৱাই ভয়-ভাবুকি দিয়াৰো অভিযোগ উঠিছে। কিন্তু কথমপি নিজৰ প্ৰাণৰক্ষা কৰি ছাত্ৰী দুগৰাকীয়ে ভয়ে-শংকাই ঘৰতে আত্মগোপন কৰি থাকিব লগা হৈছিল। প্ৰথমে ঘটনা সন্দৰ্ভত পৰিয়ালক অৱগত কৰিবলৈ কিছু সংকোচ কৰিছিল দুই ভগ্নীয়ে। কিন্তু পৰিস্থিতি অধিক বেয়ালৈ ঢাল খোৱাত অৱশেষত নিজ পিতৃক অৱগত কৰে ভগ্নীদ্বয়ে। ইতিমধ্যে চাৰিবাৰতকৈও অধিক এনেদৰে বাটত চোকা অস্ত্ৰ দেখুৱাইছে লম্পট পংকজ আৰু তেওঁৰ ভাৰাতীয়া গুণ্ডাই। ঘটনা সন্দৰ্ভত কমাৰবন্ধা আৰক্ষীক অৱগত কৰি কোনো ফল নাপালে ছাত্ৰীদ্বয়ৰ পিতৃয়ে। অৱশেষত শুকুৰবাৰে নিশা গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ছাত্ৰীদ্বয়ৰ পিতৃয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি নিশাই পংকজ বৰাক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে।
প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য: গোলাঘাটত ছাত্ৰীক চোকা অস্ত্ৰ দেখুৱাই ভাবুকি
Posted on by GTM Desk
1 min read
You May Also Like
আৰ জি কৰ কাণ্ডত সঞ্জয় ৰয়ক আমৃত্যু কাৰাবাসৰ নিৰ্দেশ আদালতৰ!
January 20, 2025
ছয়গাঁৱৰ ৰশ্মিৰেখাই দিছে স্বাৱলম্বনৰ পোহৰ
January 20, 2025