👍গোসাইগাওঁত আৰক্ষী অৰ্ধ সামৰিক বাহিনিৰ নিৰাপত্তাত উৰিল কলা পতাকা
👍আজি ২৮ আগষ্ট আৰু এই ২৮ আগষ্ট তাৰিখে আক্ৰাছুৱে পালন কৰি আহিছে প্ৰতাৰণা দিৱস অৰ্থাৎ কলা দিন ।
👍প্ৰতাৰণা দিৱসত কোচ-ৰাজবংশী ছাত্ৰ সংগঠন আক্ৰাছুৱে গোসাইগাওঁৰ নেপালপাৰা চিলাৰায় ভৱনৰ কাৰ্যালয়ৰ বাখাৰাত উত্তোলন কৰে কলা পতাকা ।
👍এইবছৰো আক্ৰাছুৱে গোসাইগাওঁৰ বিভিন্ন অঞ্চলত কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
👍১৯৪৯ চনৰ ২৮ আগষ্ট তাৰিখে ভাৰতৰ তদানীন্তন প্ৰধান মন্ত্ৰী আৰু কোচবিহাৰ ৰাজ্যৰ শেষ ৰজা জগদ্বীপেনদ্ৰ নাৰায়ণ ভূত বাহাদুৰৰ মাজত হৈছিল মাৰ্যাৰ চুক্তি ।
👍চুক্তি অনুসৰি কোচবিহাৰক ”গ” মৰ্যাদাৰ ৰাজ্য হিচাপে প্ৰদান কৰাৰ কথা উল্লেখ আছিল চুক্তিত ।
👍পিছত চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে আক্ৰাছুৱে আজিৰ দিনটোত পালন কৰি আহিছে প্ৰতাৰণা দিৱস ।
👍সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই প্ৰতাৰণা দিৱস পালন কৰা হয় ।
👍ইয়াৰ পিছতে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৰ সদস্য সকলে ।
👍জনজাতিকৰণ আৰু পৃথক কমতাপূৰ ৰাজ্য গঠন কৰাৰ দাবী জনায় ।
👍২০২৪ ৰ লোকসভা নিৰ্বাচনৰ আগত কোচ-ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধান নকৰিলে বি জে পি ক বৰ্জন কৰিব বুলি উল্লেখ কৰে আক্ৰাছুৰ কেন্দ্ৰীয় সম্পাদক সুনাধৰ ৰায়ে ।
👍KLO ৰ লগত শান্তি চুক্তি সম্পন্ন কৰিবলৈ আহ্বান জনায় আক্ৰাছুৱে।লগতে নিৰহ যুৱকক হাৰাস্থাস্তি নকৰিবলৈ আহ্বান জনায়।