সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ বৈঠক,অধিবেশনস্থলীৰ নাম “পাঁচো ৰজাৰ সমন্বয় ক্ষেত্ৰ”, স্মৃতি গ্ৰন্থৰ নাম “বাৰপূজীয়া”

1 min read

 

নিউজ ব্যুৰ’,নগাঁও,২৭আগষ্ট:– অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক–২০২৪ বাৰপূজীয়া অধিবেশনৰ আদৰণি সমিতিৰ কৰ্ণধাৰ সমিতিৰ এখনি বৈঠক ৰবিবাৰে বাৰপূজীয়া শাখা সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় । আদৰণি সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদেশ্যে ব্যাখ্যা কৰে আদৰণি সমিতিৰ প্ৰধান সম্পাদক ডাঃ প্ৰদীপ কুমাৰ ডেকাই । মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া উপস্থিত থকা সভাখনত আগন্তুক অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক–২০২৪ বাৰপূজীয়া অধিবেশনস্থলীৰ নামাকৰণ সন্দৰ্ভত আলোচনা কৰি বুৰঞ্জী খ্যাত তিৱাসকলৰ টোপাকুছি, খৰা,খাইগড়,বাৰপূজীয়া,মিকিৰ গাঁও ৰাজ্যৰ সোঁৱৰণত “পাঁচো ৰজাৰ সমন্বয় ক্ষেত্ৰ” বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে অধিবেশন খনিৰ লগত সংগতি ৰাখি প্ৰকাশ পাব লগা স্মৃতিগ্ৰন্থখনিৰ নাম “বাৰপূজীয়া” নামাকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় । আনহাতে অধিবেশনখনি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত জাগৰণৰ প্ৰচেষ্টাৰে এটি শীৰ্ষ গীত প্ৰস্তুত কৰিবলৈ সাংস্কৃতিক উপসমিতিৰ সভাপতি বিমল ডেকাৰ নেতৃত্বত এটি দল গঠন কৰি দিয়ে কৰ্ণধাৰ সমিতিৰ বৈঠকে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author