গুৱাহাটীত ৰোজগাৰ মেলাত নিযুক্তি পত্ৰ বিতৰণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

1 min read

azadi ka amrit mahotsav
g20-india-2023

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০তকৈ অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

গুৱাহাটীত ৰোজগাৰ মেলাত নিযুক্তি পত্ৰ বিতৰণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

শিলচৰৰ মছিমপুৰত বিএছএফৰ সীমান্ত মুখ্য কাৰ্যালয়ত ৰোজগাৰ মেলাত উপস্থিত
থাকে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী

Posted On: 28 AUG 2023 7:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে নৱনিযুক্ত ৫১,০০০তকৈ অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই ৰোজগাৰ মেলা দেশৰ ৪৫টা স্থানত অনুষ্ঠিত হয়। 

গুৱাহাটীৰ পাটগাঁৱত বিএছএফৰ সীমান্ত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ৰোজগাৰ মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নৱনিযুক্ত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে। গুৱাহাটীত অনুষ্ঠিত ৰোজগাৰ মেলাত ২৮৭ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পত্ৰ লাভ কৰে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অৰ্থনীতি যি হাৰত বিকাশ হৈছে, তাৰ ফলত ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে লাখ লাখ কৰ্মসংস্থাপনৰ সৃষ্টি হৈছে। ৰোজগাৰ মেলাৰ সফল আয়োজনে এই কথা স্পষ্ট কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত চৰকাৰে ষ্টাৰ্ট আপ আৰু ঔদ্যোগীকৰণৰ এক শক্তিশালী পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে। আজি দেশৰ যুৱক-যুৱতীসকল আত্মবিশ্বাসী হৈ পৰিছে, কিয়নো চৰকাৰে আগবঢ়োৱা সহায়-সহযোগিতাই তেওঁলোকক বিশ্ব মঞ্চত প্ৰতিযোগিতামূখী হ’বলৈ সক্ষম কৰি তুলিছে। এয়া আগুৱাই যোৱাৰ এক অদ্ভুত পথ। ভাৰত আত্মনিৰ্ভৰ হোৱাৰ দিশত আগবাঢ়ি যোৱাৰ সময়ত এই সুযোগতে যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ কামত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।”

এই ৰোজগাৰ মেলা অনুষ্ঠানৰ জৰিয়তে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ), সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ), সশস্ত্ৰ সীমা বল (এছএছবি), আছাম ৰাইফলছ, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ),  কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (চিআইএছএফ), ভাৰত তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি) আৰু মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰ’ (এনচিবি)ৰ লগতে দিল্লী আৰক্ষীৰ জোৱানক নিযুক্তি দিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বাছনি হোৱা নৱনিযুক্ত প্ৰাৰ্থীসকলে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ বিভিন্ন সংস্থাত কনিষ্টবল (জেনেৰেল ডিউটি), উপ-পৰিদৰ্শন (জেনেৰেল ডিউটি) আৰু নন-জেনেৰেল ডিউটি কেডাৰ পদত যোগদান কৰিব।

ইফালে, শিলচৰৰ মছিমপুৰত বিএছএফ, এম এণ্ড চিৰ সীমান্ত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ৰোজগাৰ মেলাত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থাকে। অনুষ্ঠানত বিভিন্ন চৰকাৰী প্ৰতিৰক্ষা সেৱাৰ ২৭৪গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়।

এই উপলক্ষে আগবঢ়োৱা ভাষণত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয়, “নিৰ্বাচিত প্ৰাৰ্থীসকলে আইগট কৰ্মযোগী পৰ্টেলত অনলাইন মডিউল কৰ্মযোগী প্ৰাৰম্ভৰ জৰিয়তে নিজকে প্ৰশিক্ষণ দিয়াৰ সুযোগ পাব, য’ত ৪০০টা ই-শিক্ষণ পাঠ্যক্ৰম উপলব্ধ। প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰি ৰামেশ্বৰ তেলীয়ে লগতে কয় যে নিয়োগ সৃষ্টিৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ স্বাস্থ্য আৰু সামাজিক সুৰক্ষাও প্ৰদান কৰিব। ‘’ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি অদূৰ ভৱিষ্যতে ভাৰতত মুঠ ৪৮,০০০ পেট্ৰ’ল পাম্প স্থাপন কৰা হ’ব, যাৰ ভিতৰত মুঠ ২০০০ পেট্ৰ’ল পাম্প অসমত স্থাপন কৰা হ’ব। শিলচৰত অতি শীঘ্ৰে এটা চিএনজি ডিপোও মুকলি কৰা হ’ব’’, ৰামেশ্বৰ তেলীয়ে কয়।

এই উপলক্ষে অনুষ্ঠানত শিলচৰৰ মছিমপুৰস্থিত বিএছএফ, এম এণ্ড চিৰ সীমান্ত মুখ্য কাৰ্যালয়ৰ আই জি অখিলেশ্বৰ সিং, ডিআইজি অশোক কুমাৰ ঝাৰ লগতে অ’ এনজিচি আৰু আইঅ’চিৰ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে অমৃত কালৰ সময়ত ‘অমৃত ৰক্ষক’ হিচাপে নিৰ্বাচিত হোৱা নতুন নিযুক্তিপ্ৰাপ্তসকলক অভিনন্দন জনায়। তেওঁ তেওঁলোকক ‘অমৃত ৰক্ষক’ বুলি অভিহিত কৰে কাৰণ নতুন নিযুক্তিপ্ৰাপ্তসকলে কেৱল দেশৰ সেৱাই নহয়, দেশ আৰু দেশবাসীকো সুৰক্ষা দিব। “আপোনালোক এই ‘অমৃত কাল’ৰ ‘অমৃত ৰক্ষক’”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ৰোজগাৰ মেলাৰ এই সংস্কৰণটো এনে এটা সময়ত সংঘটিত হৈছে যিসময়ত দেশ গৌৰৱ আৰু আত্মবিশ্বাসেৰে ভৰি পৰিছে। তেওঁ কয় যে চন্দ্ৰযান-৩ আৰু প্ৰজ্ঞান ৰভাৰে অহৰহ চন্দ্ৰৰ শেহতীয়া ছবি প্ৰেৰণ কৰি আছে। এই গৌৰৱপূৰ্ণ মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে নতুন নিযুক্তি লাভ কৰাসকলে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যাত্ৰা আৰম্ভ কৰিছে বুলি উল্লেখ কৰি সকলো নতুন নিযুক্তিপ্ৰাপক আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা বা নিৰাপত্তা আৰু আৰক্ষী বাহিনীত বাছনিৰ ক্ষেত্ৰত অহা দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে চৰকাৰে বাহিনীসমূহৰ প্ৰয়োজনীয়তাক লৈ অতি গুৰুত্বসহকাৰে কাম কৰি আহিছে। তেওঁ অৰ্ধসামৰিক বাহিনী নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তনৰ কথা উল্লেখ কৰে। আবেদনৰ পৰা চূড়ান্ত বাছনিলৈকে নিযুক্তিৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হৈ গ’ল, পূৰ্বৰ দৰেই ইংৰাজী বা হিন্দীৰ ঠাইত ১৩টা স্থানীয় ভাষাত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। তেওঁ ছত্তীশগড়ৰ নক্সাল অধ্যুষিত অঞ্চলত শতাধিক জনজাতীয় যুৱকক নীতি-নিয়ম শিথিল কৰি নিযুক্তি দিয়াৰ কথা উল্লেখ কৰে। তেওঁ সীমান্ত অঞ্চল আৰু উগ্ৰবাদ ক্ষতিগ্ৰস্ত অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে বিশেষ কোটাৰ বিষয়েও অৱগত কৰে।

দেশৰ উন্নয়ন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত নতুন নিযুক্তিপ্ৰাপকসকলৰ দায়িত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আইনৰ শাসনৰ দ্বাৰা সুৰক্ষিত পৰিৱেশে উন্নয়নৰ গতি ক্ষিপ্ৰ কৰে। উত্তৰ প্ৰদেশৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্যখন এসময়ত উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি আছিল আৰু অপৰাধৰ ক্ষেত্ৰতো আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত অন্যতম। তেওঁ লগতে কয় যে উত্তৰ প্ৰদেশত আইনৰ শাসন প্ৰৱৰ্তনৰ লগে লগে ৰাজ্যখনে এতিয়া উন্নয়নৰ নতুন উচ্চতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু ভয়মুক্ত এখন নতুন সমাজ প্ৰতিষ্ঠা হৈছে। “আইন-শৃংখলাৰ এনে ব্যৱস্থাই জনসাধাৰণৰ ওপৰত থকা বিশ্বাসক পুনৰ দৃঢ় কৰে”, তেওঁ লগতে কয়। তেওঁ উল্লেখ কৰে যে অপৰাধৰ হাৰ হ্ৰাস পোৱাৰ লগে লগে ৰাজ্যখনত বিনিয়োগ বৃদ্ধি পাইছে৷ তেওঁ লগতে উল্লেখ কৰে যে যিবোৰ ৰাজ্যত অপৰাধৰ হাৰ বেছি, সেইবোৰ ৰাজ্যত বিনিয়োগ অতি কম হোৱা পৰিলক্ষিত হৈছে আৰু ফলত সকলো নিয়োগৰ সুযোগো স্তব্ধ হৈ পৰিছে।

ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ মৰ্যাদা লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে এই দশকৰ ভিতৰত ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ ভিতৰত স্থান লাভ কৰিব। “মোদীয়ে অতি দায়িত্ব সহকাৰে এনে নিশ্চয়তা দিয়ে”, প্ৰধানমন্ত্ৰীয়ে কয়। ক্ৰমবৰ্ধমান অৰ্থনীতিৰ প্ৰভাৱ সাধাৰণ নাগৰিকৰ ওপৰত অব্যাহত ৰাখি প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্থনীতিৰ বিকাশ সুনিশ্চিত কৰিবলৈ প্ৰতিটো খণ্ডই বৃদ্ধি হোৱাটো গুৰুত্বপূৰ্ণ। মহামাৰীৰ সময়ত ফাৰ্মা উদ্যোগৰ ভূমিকা সম্পৰ্কে তেওঁ কয়। আজি ভাৰতৰ ফাৰ্মা উদ্যোগৰ মূল্য প্ৰায় ৪ লাখ কোটি টকা আৰু ২০৩০ চনৰ ভিতৰত এই উদ্যোগৰ মূল্য প্ৰায় ১০ লাখ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে৷ এই বৃদ্ধিৰ অৰ্থ হ’ল আগন্তুক বছৰবোৰত ফাৰ্মা উদ্যোগত অধিক যুৱকৰ প্ৰয়োজন হ’ব, যি কৰ্মসংস্থাপনৰ বহু সুযোগ সৃষ্টি কৰিব।

অ’টোমোবাইল আৰু অ’টো কম্পোনেণ্ট উদ্যোগৰ সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে দুয়োটা উদ্যোগৰ মূল্য ১২ লাখ কোটিতকৈও অধিক আৰু আগন্তুক বছৰবোৰত ইয়াৰ আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তেওঁ আঙুলিয়াই দিয়ে যে এই বিকাশৰ হাৰ বজাই ৰাখিবলৈ অ’টোমোবাইল উদ্যোগৰ বাবে আৰু বহু যুৱকৰ প্ৰয়োজন হ’ব, যাৰ ফলত দেশত নিয়োগৰ সুযোগ সৃষ্টি হ’ব। যোৱা বছৰ প্ৰায় ২৬ লাখ কোটি টকাৰ খাদ্য সংসাধন উদ্যোগৰ কথাও তেওঁ উল্লেখ কৰি কয় যে অহা চাৰে তিনি বছৰত ই ৩৫ লাখ কোটিলৈ বৃদ্ধি হোৱাটো নিশ্চিত। “সম্প্রসাৰণৰ লগে লগে নিয়োগৰ সুযোগ বৃদ্ধি পায়”, তেওঁ লগতে কয়৷

আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে বিগত ৯ বছৰত কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথনিৰ বাবে ৩০ লাখ কোটিৰো অধিক ধন ব্যয় কৰিছে। ইয়াৰ ফলত সংযোগৰ লগতে পৰ্যটন আৰু আতিথ্যৰ ক্ষেত্ৰতো উদ্গনি যোগোৱা হৈছে, নতুন চাকৰিৰ সৃষ্টি হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০৩০ চনৰ ভিতৰত পৰ্যটন খণ্ডই অৰ্থনীতিলৈ ২০ লাখ কোটিতকৈ অধিক অৰিহণা যোগাই আনুমানিক ১৩-১৪ কোটি চাকৰিৰ সৃষ্টি কৰিব। এইবোৰ কেৱল সংখ্যা নহয়, তেওঁ ব্যাখ্যা কৰে যে এই খণ্ডটোৰ উন্নয়নে চাকৰিৰ সৃষ্টি, জীৱন-যাপনৰ সহজতা আৰু আয় বৃদ্ধিৰ জৰিয়তে সাধাৰণ নাগৰিকৰ জীৱনত প্ৰভাৱ পেলাব।

“বিগত ৯ বছৰত চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই ৰূপান্তৰৰ এক নতুন যুগ প্ৰত্যক্ষ কৰিব পাৰি”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ অৱগত কৰে যে যোৱা বছৰ ভাৰতে অভিলেখ পৰিমাণৰ ৰপ্তানি কৰিছে, যিটোৱে বিশ্ব বজাৰত ভাৰতত নিৰ্মিত সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ লক্ষণকে পৰিস্ফুট হৈছে৷ শ্ৰী মোদীয়ে কয় যে উৎপাদন বৃদ্ধি পাইছে, কৰ্মসংস্থাপন বৃদ্ধি পাইছে আৰু তাৰ ফলত পৰিয়ালটোৰ আয় বৃদ্ধি হৈছে। তেওঁ উল্লেখ কৰে যে ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে আৰু ভাৰতত মোবাইলৰ চাহিদাও বৃদ্ধি পাইছে। মোবাইল নিৰ্মাণৰ বহুগুণ বৃদ্ধিৰ বাবে তেওঁ চৰকাৰৰ প্ৰচেষ্টাক কৃতিত্ব দিয়ে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশে এতিয়া অন্যান্য ইলেক্ট্ৰনিক গেজেটতো গুৰুত্ব দিছে আৰু ভাৰতে আই টি আৰু হাৰ্ডৱেৰ নিৰ্মাণ খণ্ডত মোবাইল উৎপাদন খণ্ডৰ সফলতাক নকল কৰিব বুলি বিশ্বাস প্ৰকাশ কৰে। “মেড ইন ইণ্ডিয়া লেপটপ আৰু ব্যক্তিগত কম্পিউটাৰে আমাক গৌৰৱান্বিত কৰিব পৰা সেই দিনটো বহু দূৰত নহয়”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়। ‘ভোকেল ফৰ লোকেল’ মন্ত্ৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ভাৰতত নিৰ্মিত লেপটপ আৰু কম্পিউটাৰ ক্ৰয় কৰাত গুৰুত্ব দিছে আৰু ফলত উৎপাদন আৰু নিয়োগ বৃদ্ধি পাইছে। দেশত চলি থকা অৰ্থনৈতিক উন্নয়নৰ বাবে এক নিৰাপদ পৰিৱেশ গঢ়ি তোলাৰ বাবে নতুন নিযুক্তিপ্ৰাপকসকলৰ কান্ধত নিহিত হৈ থকা দায়িত্বৰ কথা তেওঁ দোঁহাৰে।

প্ৰধানমন্ত্ৰীয়ে ৯ বছৰ পূৰ্বে আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ শুভাৰম্ভণিৰ কথা স্মৰণ কৰে। “গাওঁ আৰু দৰিদ্ৰ (গাঁও আৰু গৰীব)ৰ অৰ্থনৈতিক সবলীকৰণৰ সমান্তৰালকৈ এই আঁচনিখনে নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতো ডাঙৰ ভূমিকা পালন কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ অৱগত কৰে যে এই আঁচনিৰ অধীনত বিগত ৯ বছৰৰ ভিতৰত ৫০ কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে। এই আঁচনিখনে দৰিদ্ৰ আৰু বঞ্চিত লোকসকলক প্ৰত্যক্ষভাৱে সুবিধাসমূহ লৈ যোৱাৰ লগতে জনজাতীয়, মহিলা, দলিত আৰু অন্যান্য বঞ্চিত শ্ৰেণীৰ লোকসকলক নিয়োগ আৰু স্বনিয়োজিত কৰাত সহায় কৰিছে। বহু যুৱকে বেংকিং সংবাদদাতা, বেংক মিত্ৰৰ চাকৰি পালে। ২১ লাখৰো অধিক যুৱক-যুৱতী বেংক মিত্ৰ বা বেংক সখী হিচাপে নিয়োজিত হৈ আছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে জনায়। জন ধন যোজনা, মুদ্ৰা যোজনা শক্তিশালী কৰা বুলিও তেওঁ কয়। তেওঁ অৱগত কৰে যে মুদ্ৰা যোজনাৰ অধীনত এই পৰ্যন্ত ২৪ লাখ কোটিতকৈ অধিক মূল্যৰ বন্ধকীমুক্ত ঋণ প্ৰদান কৰা হৈছে। হিতাধিকাৰীসকলৰ ভিতৰত ৮ কোটি প্ৰথমবাৰৰ বাবে উদ্যোগী আছে। প্ৰধানমন্ত্ৰী স্বনিধিৰ অধীনত প্ৰায় ৪৫ লাখ পদপথৰ দোকানীক প্ৰথমবাৰৰ বাবে জামিনবিহীন ঋণৰ অনুমোদন দিয়া হৈছে৷ এই আঁচনিৰ হিতাধিকাৰীৰ ভিতৰত ব

হু সংখ্যক মহিলা, দলিত, পিছপৰা আৰু জনজাতীয় যুৱক-যুৱতী আছে। জন ধন একাউণ্ট সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে গাঁৱে-ভূঞে মহিলা আত্মসহায়ক গোটক শক্তিশালী কৰিছে। “দেশৰ সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন ত্বৰান্বিত কৰাত জন ধন যোজনাই যি ভূমিকা পালন কৰিছে সেয়া সঁচাকৈয়ে অধ্যয়নৰ বিষয়”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে বহু ৰোজগাৰ মেলাত লাখ লাখ যুৱক-যুৱতীক সম্বোধন কৰাৰ কথা উল্লেখ কৰি কয় যে তেওঁলোকে জনসেৱা বা অন্যান্য খণ্ডত কৰ্মসংস্থাপন লাভ কৰিছিল। “চৰকাৰ আৰু শাসন ব্যৱস্থাৰ পৰিৱৰ্তন অনাৰ অভিযানত আপোনালোক সকলো যুৱক-যুৱতীয়েই মোৰ আটাইতকৈ ডাঙৰ শক্তি”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। আজিৰ যুৱক-যুৱতীসকল এনে এটা প্ৰজন্মৰ পৰা অহা বুলি লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে দ্ৰুত ডেলিভাৰীৰ গুৰুত্বৰ ওপৰত জোৰ দি কয় যে আজিৰ প্ৰজন্মই সমস্যাৰ স্থায়ী সমাধান বিচাৰে, খণ্ডিত সমস্যাৰ নহয়। তেওঁ আলোকপাত কৰে যে ৰাজহুৱা সেৱক হিচাপে নতুন নিযুক্তিপ্ৰাপ্তসকলে দীৰ্ঘম্যাদীভাৱে ৰাইজৰ বাবে উপকাৰী সিদ্ধান্ত ল’ব লাগিব। “আপুনি যি প্ৰজন্মৰ, সেই প্ৰজন্মই কিবা এটা লাভ কৰিবলৈ বদ্ধপৰিকৰ। এই প্ৰজন্মই কাৰো অনুকূল নিবিচাৰে, মাথোঁ বিচাৰে যাতে কোনেও তেওঁলোকৰ বাটত বাধা হৈ নাযায়”, প্ৰধানমন্ত্ৰীয়ে জনসেৱক হিচাপে জনসাধাৰণৰ আকাংক্ষা পূৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি এইদৰে কয়। তেওঁ লগতে কয় যে এই বুজাবুজিৰে কাম কৰিলে আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব৷

jiভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে অৰ্ধসামৰিক বাহিনী হিচাপে শিক্ষণৰ মনোভাৱ বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু আইজিঅ’টি কৰ্মযোগী পৰ্টেলত উপলব্ধ ৬০০তকৈ অধিক পাঠ্যক্ৰমৰ ওপৰত আলোকপাত কৰে। ‘এই পৰ্টেলত ২০লাখৰো অধিক চৰকাৰী কৰ্মচাৰীয়ে পঞ্জীয়ন কৰিছে। মই আহ্বান জনাইছো যে আপোনালোকেও এই পৰ্টেলত যোগদান কৰিব লাগিব আৰু ইয়াৰ সুবিধা ল’ব”, প্ৰধানমন্ত্ৰীয়ে কয়। শেষত প্ৰধানমন্ত্ৰীয়ে শাৰীৰিক ফিটনেছৰ প্ৰয়োজনীয়তা আৰু যোগক দৈনন্দিন অনুশীলন হিচাপে নতুন নিযুক্তিপ্ৰাপকসকলৰ জীৱনত অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

You May Also Like

More From Author