পাবজি খেলাত বাধা দিয়াৰ বাবেই পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

1 min read

আপোনাৰ সন্তানে ঘণ্টাৰ পাছত ঘণ্টা ম’বাইলতে ব্যস্ত থাকে নেকি? যদি আপুনি সন্তানক ম’বাইল খুঁচৰি থকা দেখে, তেন্তে সাৱধান হ’বৰ হ’ল। ম’বাইলতে অধিক সময় কটোৱাৰ বাবে পুত্ৰক ধমক দি প্ৰাণ হেৰুৱাবলগীয়া হ’ল উত্তৰ প্ৰদেশৰ ঝান্সিৰ এহাল পিতৃ-মাতৃয়ে।

কিমান সাংঘাতিক হ’ব পাৰে Mobile addiction! ম’বাইল Game খেলাত বাধা দিয়াৰ বাবেই কোনোবাই নিজ পিতৃ-মাতৃক হত্যা কৰিব পাৰে, সেয়া সাধাৰণ মানুহৰ বাবে সপোনৰো অগোচৰ। কিন্তু বাস্তৱক কোনেও আওকাণ কৰিব নোৱাৰে। উত্তৰ প্ৰদেশত মাত্ৰ তিনি দিন পূৰ্বে সংঘটিত হৈছিল এনে এক লোমহৰ্ষক ঘটনা।

ঝান্সিৰ নৱাবাদ থানাৰ অন্তৰ্গত পিছোৰ অঞ্চলৰ ঘটনা এয়া। আজীৱন ল’ৰা–ছোৱালীক জ্ঞান বিলোৱা শিক্ষক লক্ষ্মী প্ৰসাদক তেওঁৰ পত্নী বৃন্দা দেৱীসহ হত্যা কৰে তেওঁৰেই নিজ পুত্ৰই। পুত্ৰৰ হাতত পিতৃ-মাতৃৰ প্ৰাণ হেৰুওৱা ঘটনা এয়াই প্ৰথম নহয়। কিন্তু এই হত্যাকাণ্ডৰ আঁৰত আছে আশ্চৰ্যকৰ ঘটনা।

পাব-জী খেলৰ আসক্তিয়েই আছিল মূল কাৰণ। Killer PUBGৰ বাবে অবাটে গ’ল আনৰ সন্তানক জ্ঞানৰ বাট দেখুওৱা লক্ষ্মী প্ৰসাদৰ নিজৰেই সন্তান অংকিত। অত্যধিক PUBG আসক্তিৰ কাৰণে ভাত-পানী বাদ দিছিল অংকিতে। পুৱাই-গধূলি ম’বাইল লৈয়েই ব্যস্ত আছিল পুত্ৰ। পঢ়া-শুনা খোৱা-বোৱালৈও নাছিল ভ্ৰূক্ষেপ, যাৰ বাবে পিতৃ-মাতৃৰ ককৰ্থনাও শুনিছিল।

কিন্তু কোনো কথাৰ প্ৰতিয়েই কাণ-সাৰ নাছিল, ইয়াকে লৈ প্ৰায়েই কাজিয়াৰ সূত্ৰপাত হৈছিল। বহুবাৰ হতাহতিও হৈছিল। ঘটনাৰ নিশাও তেনে পৰিস্থিতিৰেই সূত্ৰপাত হৈছিল। লক্ষ্মী প্ৰসাদৰ পৰিয়ালে নিশাৰ আহাৰ গ্ৰহণ কৰি শুবলৈ গৈছে। পুত্ৰ অংকিতক মাত দি মাক বৃন্দা দেৱীও শোৱাপাটীত উঠিল। কিন্তু পুৱতিনিশা লক্ষ্মী প্ৰসাদে দেখিলে পুত্ৰ শোৱা নাই, অংকিত ব্যস্ত পাব-জী খেলাত। পুত্ৰৰ এই কাণ্ডত খঙত জ্বলি উঠিল লক্ষ্মী প্ৰসাদ।

পুত্ৰক এনেদৰে টোপনি ক্ষতি কৰাৰ বাবে গালি পাৰিবলৈ ধৰিলে। মাকেও সমানেই উজাৰিলে ক্ষোভ।। ইয়াতেই ক্ষোভিত হৈ পৰিল পুত্ৰ অংকিত। লাঠীৰে কোবাবলৈ ধৰিলে পিতৃ- মাতৃক। এসময়ত পুত্ৰৰ লাঠীৰ কোবত প্ৰাণবায়ু উৰি গ’ল দুয়োৰো। ঘটনাটো দেওবাৰে পুৱতি নিশা ৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত সংঘটিত হৈছিল।

হত্যাকাণ্ডৰ কথাটো জনাজনি হোৱাৰ পিছতেই ওচৰ–চুবুৰীয়া আৰু সম্পৰ্কীয় লোক লক্ষ্মী প্ৰসাদৰ ঘৰত উপস্থিত হৈছিল। সাধাৰণভাৱে সোধা–পোছা কৰিয়েই তেওঁলোকে বুজিলে ঘটনাৰ আঁৰৰ কাহিনী। পাব জী খেলাত বাধা দিয়াৰ বাবেই যে পুত্ৰই লাঠীৰে কোৱাই হত্যা কৰিলে পিতৃ-মাতৃক সেয়া স্পষ্ট হৈ পৰিল। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী পুত্ৰ অংকিতক। কিন্তু অত্যধিক পাব-জী বা ম’বাইল আসক্তি যে কিমান ভয়াৱহ হ’ব পাৰে সেয়া উত্তৰ প্ৰদেশৰ এই ঘটনাই পুনৰবাৰ স্পষ্ট হৈ পৰিল।

You May Also Like

More From Author