নীতেশ কুমাৰৰ হত্যাকাণ্ডৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰিলে আৰক্ষী আয়ুক্ত‌ই, অভিভাৱকসকলক জনালে এই আহ্বান

0 min read
গুৱাহাটীত কালি সংঘটিত ছাত্ৰ হত্যাৰ লোমহৰ্ষক অপৰাধৰ বিষয়ে আজি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেল সম্বোধন কৰে।
উল্লেখ্য, ভেটাপাৰাৰ মহৰ্ষি বিদ্যামন্দিৰৰ দশম শ্ৰেণীৰ ছাত্ৰ নীতেশ কুমাৰক হত্যা কৰি বোন্দাত পেলাই থৈছিল অভিযুক্ত অভিষেক বৰুৱাই।
বৰুৱাই দিয়া স্বীকাৰোক্তি মৰ্মে অনলাইন গেমৰ জৰিয়তে চিনাকি হোৱা নীতেশ কুমাৰৰ সৈতে তেওঁৰ ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ লেনদেন হৈছিল ধনৰ। দুয়োগৰাকী বেলতলা নিৱাসী হোৱা হেতুকে সঘনাই লগ পাইছিল আৰু প্ৰয়োজনত ধনৰ লেনদেন কৰিছিল।
কেণ্টিনৰ ৰান্ধনী ৰূপে কাম কৰা অভিযুক্ত অভিষেক বৰুৱাই নিজে এখন ৰেষ্টুৰেণ্ট দিয়ে নাৰেংগীত। ৰেষ্টুৰেণ্টৰ বাবে ৩০ হাজাৰ টকা প্ৰয়োজন হোৱাত তেওঁক নীতেশে সহায়ো কৰে।
অভিষেকে আৰক্ষীৰ আগত স্বীকাৰ কৰা মতে, তেওঁৰ দেউতাকে চাহ বাগিচাত মেকানিকৰ কাম কৰি অৱসৰ লৈ পোৱা টকাৰ ১৬ লাখ টকা নিজৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰে গোপনে। এই বিষয়ে অৱগত আছিল নীতেশ। ইয়াৰ মাজতে অভিষেকৰ পৰা টকা লৈ আছিল নীতেশে। আজি ৫ হাজাৰ, কালি ৪ হাজাৰকৈ টকাৰ পৰিমাণ হৈছিল প্ৰায় ৯০ হাজাৰ। কিন্তু ঘূৰাই দিয়া নাছিল।
এই কাৰণতে নীতেশক অভিষেকে হত্যা কৰে বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়ে। কিন্তু এই কথা বিশ্বাস কৰাটো আৰক্ষীৰ বাবে টান আছিল যে কেৱল ৯০ হাজাৰ টকাৰ বাবে এই হত্যাকাণ্ড সংঘটিত হৈছিল। আৰক্ষীয়ে অধিক জেৰা কৰাৰ পিছত ওলাই হত্যাকাণ্ডৰ আঁৰৰ আন এক গুৰুত্বপূৰ্ণ কাৰণ।
অভিষেকে উল্লেখ কৰে যে বৰুৱাৰ প্ৰেমিকাই তেওঁক উপহাৰ দিয়া ছেমছাং ম’বাইলটো কেইদিনমানৰ বাবে নীতেশে বিচাৰে। নীতেশে বিচৰা মতে অভিষেকে তেওঁক ম’বাইলটো দিয়ে। সময়ত তেওঁক মবাইলটো ঘূৰায়ো দিয়ে নীতেশে। কিন্তু সেই ম’বাইলটোত বৰুৱা আৰু প্ৰেমিকাৰ অন্তৰংগ মুহূৰ্তৰ ফটো আছিল, যি নীতেশে নিজৰ লগত ৰাখি থয়। অভিষেকে ৯০ হাজাৰ টকা ঘূৰাই খুজিলে নীতেশে তেওঁক কৰিছিল ব্লেকমেইলিং। টকা ঘূৰাই খুজি থাকিলে দেউতাকৰ পৰা গোপনে লোৱা ১৬ লাখ টকাৰ বিষয়ে ফাদিল কৰাৰ লগতে প্ৰেমিকাৰে থকা অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল কৰাৰ ভাবুকি দিয়ে নীতেশে। এইটোৱে আছিল হত্যাকাণ্ডৰ তাৎক্ষণিক কাৰণ।

You May Also Like

More From Author