পুৱাই মহানগৰীৰ খানাপাৰাত উদ্ধাৰ মৃতদেহ; এজোপা গছত ওলমি থকা মৃতদেহটো টেট শিক্ষক প্ৰণৱ মিলিৰ বুলি চিনাক্ত

1 min read

মহানগৰীৰ খানাপাৰত শুক্ৰবাৰে পুৱাই উদ্ধাৰ হয় এটি মৃতদেহ। এজোপা গছত ওলমি থকা মৃতদেহটো টেট শিক্ষক প্ৰণৱ মিলিৰ বুলি চিনাক্ত হৈছে। মিলিৰ পকেটত উদ্ধাৰ হয় এখন ছুইচাইড নোট ৷

টেট শিক্ষক গৰাকীয়ে শিক্ষকতা কৰে ধুবুৰী জিলাৰ মানকাচাৰত ৷ ঘটনাৰ খবৰ পোৱাৰ পাছত আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ গছৰ পৰা নমাই আৰম্ভ কৰে তদন্ত ৷ আৰক্ষীয়ে মৃত টেট শিক্ষক গৰাকীৰ পকেটৰ পৰা উদ্ধাৰ কৰা চুইচাইড নোট অনুসৰি আত্মহত্যা বুলি সন্দেহ কৰে ৷

আনহাতে চুইচাইড নোটত উল্লেখ কৰা অনুসৰি তেওঁ দৰমহা টকা কম বাবে ভালদৰে চলিব নোৱাৰে৷ আনহাতে ল’ৰা- ছোৱালী মাকৰ লগত থকাৰ বিপৰীতে তেওঁ কৰ্মসূত্ৰে থাকিব লগীয়া হয় দূৰত ৷ ল’ৰাটো সৰু হৈ আছে ৷ এছ বি আইতো লোন আছে ৷
সেয়েহে চলিব নোৱাৰি চৰম সিদ্ধান্ত বাচি ল’লো ৷

sucide noteমোৰ মৃত্যুয়ে যাতে সিহতৰ জীৱনত ক্ষতি নকৰে মাননীয় মুখ্যমন্ত্ৰী, প্ৰশাসনক খাতিৰ কৰিলো। যিহেতু ১৫ টা বছৰ চাকৰিকাল আছে । মোৰ পৰিবাৰৰ নামত অনতিপলমে অফিচৰ কাম-কাজ কৰি দিবৰ বাবে প্ৰাৰ্থনা জনালো। শান্তি পাব মোৰ আত্মাই”।

টেট শিক্ষক গৰাকীয়ে এছ বি আইত থকা ঋণৰ বোজা সহিব নোৱাৰি এই সিদ্ধান্ত লয় ৷ আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে ৷

আনহাতে ঘটনাস্থলীত টেট শিক্ষক গৰাকীৰ পত্নী আৰু আত্মীয় উপস্থিত হৈ আৰক্ষীক অৱগত কৰে যে এইয়া আত্মহত্যা নহয় ৷ এক পৰিকল্পিত হত্যাকাণ্ড ৷

বৃহস্পতিবাৰে নিশা শিক্ষক গৰাকীক ধুবুৰীৰ কৰ্মস্থানলৈ যাবৰ বাবে খানাপাৰাত নৈশ বাছত উঠাই থৈ আহিছিল। এনেক্ষেত্ৰত আজি পুৱা ৰহস্যজনক ভাবে এজোপা গছত ওলমি থকা ঘটনাটোক সহজভাৱে মানি ল’ব পৰা নাই মিলিৰ পত্নী আৰু পৰিয়ালৰ লোকে ৷
ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

You May Also Like

More From Author