উৰন্ত বিমানত অঘটন! বিমানৰ ভিতৰতে যাত্ৰীৰ তেজ বমি; জৰুৰী অৱতৰণৰ পাচত মৃত্যু

1 min read

ইণ্ডিগোৰ এখন বিমানে নাগপুৰ বিমানবন্দৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হয় ৷ বিমানখনত থকা এজন যাত্ৰীৰ স্বাস্থ্যৰ অৱস্থা হঠাৎ অৱনতি ঘটাৰ ফলত বিমানখনে জৰুৰীভাৱে অৱতৰণ কৰে ৷ জানিব পৰা মতে বিমান যাত্ৰীগৰাকীৰ স্বাস্থ্যৰ বিমানৰ ভিতৰতে অধিক জটিলতাই দেখা দিয়ে । মুম্বাইৰ পৰা ৰাঁচীলৈ যোৱা বিমানখনৰ যাত্ৰীগৰাকীয়ে তেজ বমি কৰিবলৈ আৰম্ভ কৰাৰ পিচত জৰুৰীকালীন অৱতৰণ কৰাটো প্ৰয়োজনীয় হৈ পৰে ।
যাত্ৰীগৰাকীৰ নাম দেৱানন্দ তিৱাৰী বুলি জানিব পৰা গৈছে ৷ পিছত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে । সোমবাৰৰ নিশা সংঘটিত হৈছিল এই মৰ্মান্তিক ঘটনাটো । মুম্বাইৰ পৰা ৰাঁচীলৈ গৈ থকা 6E 5093 নম্বৰৰ বিমানখনৰ ভিতৰত সংঘটিত হয় এই অঘটন ৷ 62 বছৰীয়া যাত্ৰী দেৱানন্দ তিৱাৰীয়ে বিমান যাত্ৰাৰ সময়তে গুৰুতৰভাৱে অসুস্থ আছিল ৷ তেজ বমি হোৱাৰ বাবে নিশাৰ ভাগত বিমানখন নাগপুৰ বিমানবন্দৰলৈ ডাইভাৰ্ট কৰা হয় । বিমানখন নাগপুৰ বিমানবন্দৰত অৱতৰণ কৰি ততাতৈয়াকৈ চিকিৎসাৰ বাবে তিৱাৰীক ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু ঘটে ।

You May Also Like

More From Author