হানী ট্ৰেপিঙৰ পৰা সাৰি নগ’ল IPS বিষয়াও, ৫০ লাখ টকা বিচাৰি ব্লেকমেইল

1 min read

এইবাৰ হানী ট্ৰেপিঙৰ পৰা সাৰি নগ’ল IPS বিষয়াও৷ ৰাজস্থানৰ জয়পুৰত এগৰাকী IPS বিষয়াক এগৰাকী মহিলা চিকিৎসকে বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰি ব্লেকমেইল কৰাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে ৷ মহিলাগৰাকীয়ে বিষয়াগৰাকীক পত্নীৰ লগত বিবাহ বিচ্ছেদ কৰি তেওঁক বিয়া পাতিবলৈ হেঁচা প্ৰয়োগ কৰাৰ লগতে অন্যথা তেওঁক ৫০ লাখ টকা দিবলৈ ব্লেকমেইল কৰে ৷ইতিমধ্যে দেওবাৰে ভুক্তভোগী বিষয়াগৰাকী জৱাহৰ চক্ৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ৷
এজাহাৰখনত উল্লেখ কৰা হৈছে যে মহিলা চিকিৎসকগৰাকীয়ে IPS বিষয়াগৰাকীক যোৱা চাৰি মাহ ধৰি হাৰাশাস্তি কৰি আহিছে ৷ চিকিৎসকগৰাকীয়ে তেওঁক মিছা গোচৰত জড়িত কৰাৰো ভাবুকি দিছিল ৷
জৱাহৰ চক্ৰ আৰক্ষী বিষয়া অৰবিন্দ কুমাৰ চৰণে কোৱা অনুসৰি, আইপিএছ বিষয়া ৰাজেশ কুমাৰ মীনাই বৃহস্পতিবাৰে মহিলা চিকিৎসক প্ৰিয়ংকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ তেওঁ অভিযোগ কৰি কৈছিল যে, ২০২০ চনত তেওঁক ডুংগৰপুৰত আৰএএছ (প্ৰবেচনাৰ) হিচাপে নিযুক্তি দিয়া হৈছিল ৷ তেতিয়াই তেওঁ ক’ভিডৰ সময়ত চিকিৎসক প্ৰিয়ংকাক লগ পাইছিল ৷ তেতিয়া দুয়োৰে সম্পৰ্ক বন্ধুত্বলৈ পৰিণত হৈছিল আৰু দুয়োৰে মাজত কথা বতৰাও আৰম্ভ হৈছিল ৷
সেই সময়ত প্ৰিয়ংকা বিবাহিত আছিল ৷ তেওঁ বহুবাৰ তেওঁলোকৰ বাবে খাদ্য ৰান্ধিছিল ৷ এবাৰ প্ৰয়োজন হওঁতে তেওঁ প্ৰিয়ংকাৰ পৰা ৩ লাখ টকা ধাৰ লৈছিল৷ পিচত তেওঁ সেই টকাখিনি ঘূৰাইও দিছিল ৷ পৰৱৰ্তী সময়ত যেতিয়া প্ৰিয়ংকাক চাকচু এছ.ডি.এম. হিচাপে নিযুক্ত কৰা হৈছিল, তেওঁ জয়পুৰলৈ আহিছিল ৷ তেতিয়া দুয়োয়ে সঘনাই লগ কৰিছিল ৷ ২০২১ চনত আইপিএছত নিৰ্বাচিত হৈছিল মীনা ৷
তাৰ পিচতে প্ৰিয়ংকাই তেওঁক বিয়া কৰিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে ৷ আনকি প্ৰিয়ংকাই তেওঁৰ স্বামীক বিবাহ বিচ্ছেদ দিয়াৰ কথাও কৈছিল ৷ অৱশ্যে, মীনাই প্ৰিয়ংকাক বিয়া কৰাবলৈ অমান্তি হৈছিল ৷
পৰৱৰ্তী সময়ত ৰাজেশ কুমাৰ মীনাই ২০২৩ চনৰ মে’ত বিবাহপাশত আৱদ্ধ হৈছিল ৷ বিয়াৰ পিচৰে পৰা তেওঁ প্ৰিয়ংকাৰ সৈতে কথা পতাও বন্ধ কৰে ৷ যেতিয়া প্ৰিয়ংকাই ৰাজেশ মীনাৰ বিবাহৰ বিষয়ে গম পায়, তাৰ পিচত প্ৰিয়ংকাই মীনাক ফোনযোগে ভাবুকি দিবলৈ আৰম্ভ কৰে ৷ প্ৰিয়ংকাই কৈছিল যে, তেওঁ স্বামীক বিবাহ বিচ্ছেদ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এনে পৰিস্থিতিত মীনাকো নিজ পত্নীৰ লগত বিবাহ বিচ্ছেদ কৰি প্ৰিয়ংকাক বিয়া কৰাবলৈ হেঁচা দিছিল ৷
যেতিয়া প্ৰিয়ংকাৰ প্ৰস্তাৱ মীনাই অস্বীকাৰ কৰিছিল, তেতিয়া তেওঁ ৫০ লাখ টকা দাবী কৰিছিল আৰু তেওঁক মিছাকৈ ধৰ্ষণৰ কৰাৰ গোচৰত জড়িত কৰাৰ ভাবুকি দিছিল ৷ ইতিমধ্যে ঘটনাটো তদন্তৰ বাবে এছ আই মাদ্ৰুপক হস্তান্তৰ কৰা হৈছে ৷

You May Also Like

More From Author