নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপে ড° সদানন্দ পায়েঙৰ যোগদান

1 min read

নিউজ ব্যুৰ’,নগাঁও,১আগষ্ট:–মধ্য অসমৰ নগাওঁ জিলাৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে মঙলবাৰে মহাবিদ্যালয়খনৰ ইতিহাস বিষয়ৰ জ্যেষ্ঠ অধ্যাপক তথা অসমীয়া লোক-সংস্কৃতি কৰ্মী-লেখক ড° সদানন্দ পায়েঙে যোগদান কৰে । বিগত দুটা বছৰ ধৰি মহাবিদ্যালয়খনত চলি থকা অস্থিৰ অৱস্থাৰ পাছত ড° পায়েঙে অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাত মহাবিদ্যালয়খনৰ শিক্ষক পৰিষদেও সন্তোষ প্ৰকাশ কৰিছে । উল্লেখ যোগ্য যে ড° সদানন্দ পায়েঙে বিগত ২৬ বছৰ ধৰি মহাবিদ্যালয়খনত শিক্ষকতা কৰাৰ লগতে মহাবিদ্যালয়খনৰ প্ৰশাসনীয় আৰু সাংস্কৃতিক দিশত বহুখিনি ভূমিকা গ্ৰহণ কৰি আহিছে । মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ ক্ৰীড়া আৰু সাংস্কৃতিক দিশত সুদীৰ্ঘ কাল দিশ নিৰ্ণয় কৰা ড° সদানন্দ পায়েং এগৰাকী লেখক । তেখেতৰ “অই নি:তম” অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ৫০০টা “অই নি:তম”ৰ সাৱলীল অসমীয়া অনুবাদৰ সংগ্ৰহ । “ঘূণাসূঁতিৰ প্ৰেমগাঁথা” আৰু “মিছিং জনজাতি সমাজ আৰু সংস্কৃতি” ড° পায়েঙৰ বহুল সমাদৃত গ্ৰন্থ । লোক সংগীতৰ এগৰাকী নিষ্ঠাবান শিল্পী ড° সদানন্দ পায়েঙে অসমৰ বহুকেইটা অভিজাত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে । আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি ড° পায়েঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মহাবিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ সুস্থিৰ কৰিবলৈ চেষ্টা কৰাৰ লগতে মহাবিদ্যালয়খনক অন্যতম উচ্চ শিক্ষানুষ্ঠান ৰূপে গঢ়ি তোলাৰ প্ৰয়াস চলোৱা হ’ব । এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছে । উত্তৰ লক্ষীমপুৰ জিলাৰ ঘূণাসূঁতি জন্মগ্ৰহণ কৰি পৰৱৰ্তী কালত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্ব বিভাগত পি এইছ ডি ডিগ্ৰী গ্ৰহণ কৰা ড° সদানন্দ পায়েং অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা আৰু দায়িত্বভাৰ গ্ৰহণ কৰাত নগাঁৱৰ শৈক্ষিক আৰু বৌদ্ধিক সমাজ উৎফুল্লিত হৈ পৰিছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author