কলিয়াবৰৰ পৰা উজনি দিশে যাত্ৰা নুমলীগড় শোধনাগাৰৰ যন্ত্ৰাংশ

1 min read

নিউজ ব্যুৰ’,নগাঁও,৭আগষ্ট:–বিৰল ইতিহাসৰ সৃষ্টিকাৰী গোলাঘাট জিলাৰ নুমলীগড় তেল শোধনাগাৰলৈ জলপথেৰে বৃহৎ যন্ত্ৰাংশ ব্ৰহ্মপুত্ৰৰ বুকুয়েদি আটাইতকৈ গধুৰ আৰু বৃহৎ আকৃতিৰ যন্ত্ৰ পৰিবহণ কৰা বৃহৎ আকাৰৰ কাৰ্গ’ ৰবিবাৰে সন্ধিয়া উপস্থিত হয় নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাট নদী ঘাটত । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত এক নতুন দিগন্তৰ সূচনাৰে কেন্দ্ৰীয় বন্দৰ,জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে মুঠ ৩,২৭৫ মেট্ৰিক টনৰ বৃহৎ আকৃতিৰ তিনিটা যন্ত্ৰ তিনিখন সুকীয়া জাহাজেৰে কঢ়িয়াই আনিছে । ১,২৮৬ মেট্ৰিক টন,১,২৪৮ মেট্ৰিক টন আৰু ৭৪১.১২ মেট্ৰিক টনৰ মুঠ তিনিটা যন্ত্ৰ নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে পৰিবহণ কৰা হৈছে । ১,২৮৬ মেট্ৰিক টনৰ গধুৰ যন্ত্ৰটো হৈছে ব্ৰহ্মপুত্ৰৰে পৰিবহণ কৰা ইতিহাসৰ সৰ্ববৃহৎ আকাৰৰ কাৰ্গ’। কলকাতাৰ ডায়মণ্ড হাৰ্বাৰৰপৰা নুমলীগড় শোধনাগাৰ অভিমুখে ভাৰত-বাংলাদেশৰ নিদ্ধাৰিত জলপথ (প্ৰট’কল ৰুট) হৈ ৰাষ্ট্ৰীয় জলপথ-২(ব্ৰহ্মপুত্ৰ) আৰু ৰাষ্ট্ৰীয় জলপথ-৩১(ধনশিৰি)ৰ মাজেৰে ৰাওনা হৈ ৰবিবাৰে সন্ধ‍িয়া শিলঘাটত লংগৰ পেলায় । সোমবাৰে পুৱাই পুনৰ শিলঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উজনিৰ দিশে যাত্ৰা কৰে এই বৃহৎ জাহাজখনে । শেহতীয়াকৈ বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্যোগত নুমলীগড় শোধনাগাৰৰ উৎপাদন ক্ষমতা তিনিগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে জলপথ প্ৰাধিকৰণ বিভাগৰ মাজত এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছিল। চুক্তিখনৰ মূল উদ্যোক্তা কেবিনেট মন্ত্ৰী সোণোৱালৰ সবল ভূমিকাৰ পৰিপ্ৰেক্ষিতত হাজাৰ-হাজাৰ টন ওজনৰ বৃহৎ যন্ত্ৰাংশ জাহাজৰ সহায়ত ব্ৰহ্মপুত্ৰৰ বুকুয়েদি নুমলীগড়লৈ কঢ়িয়াই অনা হৈছে ।উল্লেখ্য যে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে অনা হৈছে বৃহৎ যন্ত্ৰাংশ ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author