বৃদ্ধৰ কামনাৰ বলি ১৩ বছৰীয়া কিশোৰী

1 min read

চাপৰত সংঘটিত হৈছে এক জঘণ্য ঘটনা। দীৰ্ঘদিন ধৰি প্ৰতিবেশী এগৰাকী বৃদ্ধই ভয় ভাবুকিৰে এগৰাকী কিশোৰীৰ ওপৰত চলাই আছিল শাৰীৰিক শোষণ। কিশোৰীগৰাকী অন্ত:সন্তা হোৱাৰ পিছতহে পোহৰলৈ আহে এই ভয়ংকৰ ঘটনা।

বৃদ্ধগৰাকীৰ কামনাৰ বলি হোৱা কিশোৰীগৰাকীৰ বয়স ১৩ বছৰ। ঘটনা অনুসৰি সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক প্ৰতিবেশী লম্পটোৱে প্ৰথমে ৬ মাহ পূৰ্বে নিজৰ ঘৰত আৱদ্ধ কৰি কিশোৰীগৰাকীক ধৰ্ষণ কৰে। এই ঘটনা পৰিয়ালৰ লোকক অৱগত নকৰিবলৈ ভয় ভাবুকি প্ৰদান কৰাৰ লগতে চোকা অস্ত্ৰ দেখুৱাই হত্যাৰ ভাবুকিও দিয়াৰ কথা ইতিমধ্যেই প্ৰকাশ কৰিছে কিশোৰীগৰাকীয়ে।

ইয়াৰ পাছত কিশোৰীগৰাকীয়ে লম্পটটোৰ ভয়ত নিৰৱে অমানুষিক অত্যাচাৰ দীৰ্ঘদিন ধৰি সহ্য কৰি আহিছিল। অৱশেষত ৪ মহীয়া অন্তঃসন্তা হোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা। মানৱ ৰূপী দানৱটোৰ নাম ছামছুল হক।

উল্লেখ্য ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকক সকলো ঘটনা বিৱৰি কোৱাত পৰিয়ালৰ লোকে চাপৰ আৰক্ষী থানাত শুকুৰবাৰ দাখিল কৰে এক এজাৰ। এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে লম্পট ছামছুল হকক গ্ৰেপ্তাৰ কৰিছে। চাপৰ আৰক্ষী থানাৰ এজাৰৰ নম্বৰ ১৭১/২৩ আৰু ধাৰা U/S 376(2) (n) IPC R/W Sec.6 of POCSO Act অধীনত লম্পট ছামছুল হকক জেইল হাজোলৈ প্ৰেৰণ কৰে। ইপিনে পৰিয়ালৰ লোকে লম্পটগৰাকীৰ ফাঁচিৰ দাবী জনায়।

You May Also Like

More From Author