ডিফু-লামডিং পথত আৰক্ষীৰ বাহনেৰে মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ : নিহত মটৰ চাইকেল আৰোহী

1 min read

আজি পুৱাৰ ভাগত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন মটৰচাইকেল আৰোহী থিতাতে নিহত হয়। প্ৰাপ্ত তথ্য অনুসৰি, বৰলাংফেৰ থানাৰ আৰক্ষীৰ এটা দলে এএছ-৩০-৯০২৮ নম্বৰৰ বলেৰʼ বাহনখনৰ সৈতে বিপৰীত দিশৰ পৰা গৈ থকা এএছ-০৯-এ-২২৬৭ নম্বৰৰ মটৰ চাইকেলখনৰ মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

আৰক্ষীৰ দলটোৱে ডিফু লৈ এজন আচামীক লৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত নিহত হোৱা মটৰচাইকেল আৰোহীজন ডিফু পাঁচকিলোৰ বিদ্যা হাঞ্চে বুলি জানিব পৰা গৈছে।

You May Also Like

More From Author