নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মুহিৰাম শইকীয়াৰ স্মৃতিত তোৰণ আৰু গ্ৰন্থ উন্মোচন

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৭ডিচেম্বৰ:–নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ,সংগ্ৰামী সত্তা, ৰাজনৈতিক ব্যক্তি,সমাজ সংগঠক মুহিৰাম শইকীয়াক ৰবিবাৰে স্মৰণ কৰা হয় ৷ নগাঁও মহাবিদ্যালয়ৰ দীৰ্ঘকালৰ অধ্যক্ষ মুহিৰাম শইকীয়াৰ স্মৃতিত মুকলি কৰা হ’ল এটি আটকধুনীয়া প্ৰৱেশ তোৰণ।মহাবিদ্যালয়ৰ চৌহদৰ সোঁদিশত নিৰ্মাণ কৰা আটকধুনীয়া তোৰণখন মুকলি কৰে সংগ্ৰামী নেত্ৰী ৰেখা শৰ্মাই ৷ নৌচাদ আখতাৰ হাজৰিকাই বন্তি প্ৰজলন আৰু পুষ্প অৰ্পন কৰাৰ পিছতে প্ৰৱেশ তোৰণখন ফিটা কাটি মুকলি কৰা হয় । উল্লেখ্য যে,মঙ্গল উৰুলিৰ মাজত মুহিৰাম শইকীয়াৰ পুত্ৰ সঞ্জীৱ শইকীয়াৰ আৰ্থিক অনুদানেৰে নিৰ্মাণ কৰা হৈছে তোৰনখন ৷ ইয়াৰ পিছতে নগাঁও মহাবিদ্যালয়(অট’নমাচ)ৰ পৰিচালনা সমিতিৰ সভাপতি শৰৎ কুমাৰ দত্তৰ সঞ্চালনাত অনুষ্ঠিত হয় নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মুহিৰাম শইকীয়া স্মৃতি তোৰণ আৰু গ্ৰন্থ উন্মোচনী সভা।অনুষ্ঠানৰ লগত সংগতি ৰাখি মুহিৰাম শইকীয়াৰ স্মৃতি ৰোমন্থনেৰে ভিন্নজনৰ লিখনিৰে সমৃদ্ধ এখন গ্ৰন্থও উন্মোচন কৰা হয় ৷ নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ,জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই আঁত ধৰা সভাখনত আদৰণি ভাষণ আগবঢ়াই ড° শৰৎ বৰকটকীয়ে ৷ গল্পকাৰ শিবানন্দ কাকতীয়ে আদৰণি জনোৱা সভাখনিত “ভিন্ন দৃষ্টিত মহিৰাম শইকীয়া“ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক, গৱেষক তিলক চন্দ্ৰ মজুমদাৰে ৷ উন্মোচনী ভাষণত সাহিত্যিক মজুমদাৰে কয় যে সংগ্ৰামী চেতনাৰে উদ্বুদ্ধ ব্যক্তি আছিল মুহিৰাম শইকীয়া ৷ তেওঁৰ দৰ্শন, ধৰ্মতাত্বিক দিশ বহু উচ্চ আছিল ৷ তেওঁৰ সান্নিধ্য কেতিয়াও পাহৰিব নোৱাৰো বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে মুহিৰাম শইকীয়া ডাঙৰ মানুহ নাছিল। ভাল মানুহ আছিল কাৰণে তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷ আনহাতে সংগ্ৰামী নেত্ৰী ৰেখা শৰ্মাই কয় যে মানুহে মানুহক কেনেকৈ ভাল পাব লাগে তাক শিকোৱা এজন ব্যক্তি আছিল মুহিৰাম শইকীয়া ৷ তেখেত আছিল ত্যাগৰ প্ৰতীক ৷ যি সময়ত পিতৃ-মাতৃক পুত্ৰই বৃদ্ধাশ্ৰমত ৰাখিবলৈ লৈছে সেই সময়ত সঞ্জীৱ শইকীয়াই পিতৃৰ স্মৃতিত তোৰণ নিৰ্মান কৰি সু-পুত্ৰৰ পৰিচয় দাঙি ধৰিছে ৷ সভাত প্ৰাক্তন মন্ত্ৰী তথা শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে অখ্যাত আৰু প্ৰখ্যাত মিলি ইতিহাস হয় ৷ মুহিৰাম শইকীয়া পঢ়াৰ লগতে জাতি ৰক্ষাৰ বাবে শিক্ষা দিছিল। অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই প্ৰসঙ্গ ক্ৰমে কয় যে কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়ত নবোদয় বিদ্যালয় স্থাপনৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল ৷ বিনামূলীয়া তেজদানৰে প্ৰাণদান কৰাৰ অসমৰ ভিতৰত প্ৰথম পদক্ষেপত জড়িত হৈছিল মহাবিদ্যালয়ৰ অধ্যক্ষ হৈ থকাৰ সময়ত ৷ সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে প্ৰয়াত মুহিৰাম শইকীয়াই শৈক্ষিক আৰু ৰাজনৈতিক দিশ দুয়োটা সমানে আগবঢ়াই নিছিল ৷ তেখেতক লৈ আমি গৌৰাম্বিত ৷ সভাত সঞ্জীৱ শইকীয়া, গুৰমাইল সিঙ,শৰৎ কুমাৰ দত্ত আদিয়েও বক্তব্য আগবঢ়ায় ৷

 

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author