সোনকালে ভাগৰ লাগে ? জানি লওক দূৰ কৰাৰ উপায়

1 min read

ব্যস্ততাপূৰ্ণ জীৱনত কামৰ ভাৰ বেছি হ’লে আৰু পৰ্যাপ্ত বিশ্রাম নোপোৱাৰ ফলত মানুহে বেছিকৈ ভাগৰ অনুভৱ কৰিবলৈ লয়।

আপুনিও যদি সামান্য পৰিশ্ৰম কৰিলেই অতিশয় ভাগৰুৱা হৈ পৰে, তেন্তে নিম্নোক্ত যোগাসন নিয়মিতভাৱে কৰিলে উপযুক্ত ফল লাভ কৰিব পাৰিব।

এই আসনৰ নাম হ’ল শৱাসন। এই আসনত আপুনি কৰিবলগীয়া বিশেষ নাথাকে। একেবাৰে স্বাভাৱিক আৰু শান্ত হৈ পৰিলেই আপোনাৰ মন আৰু শৰীৰে আৰাম পাব।

মানসিক হেঁচা আৰু অৱসাদ একেবাৰে নিৰ্মূল হ’ব। শ্বাস-প্রশ্বাস আৰু স্নায়ু স্পন্দনৰ গতি স্বাভাৱিক হ’ব। এই আসনৰ বাবে প্ৰথমে মূৰ ওপৰলৈ কৰি শোৱক।

ভৰি দুখনৰ পেশী ঢিলা কৰি বাহু দুটা শৰীৰত লিপিট খুৱাই ৰাখিব। শৰীৰটো মজিয়াত সম্পূৰ্ণৰূপে স্থিৰ হৈ থাকিবলৈ দিব।

এইবাৰ শৰীৰৰ প্ৰতিটো অংগৰ প্রতি বেলেগ বেলেগকৈ মনোযোগ দি সেই অংগক একেবাৰে শান্ত আৰু সুস্থ সবল যেন অনুভৱ কৰক।

কল্পনা কৰি লওক যেন শৰীৰৰ প্ৰতিটো অংগ শান্ত,স্বাস্থ্যকৰ,নিৰোগী আৰু সবল হৈ পৰিছে। শৱাসনৰ ক্ষেত্ৰত আপোনাৰ মনটো যিমানেই শান্ত আৰু একাগ্ৰ হৈ থাকিব, সিমানেই লাভৱান হ’ব।

এই আসনৰ দ্বাৰা শৰীৰিক আৰু মানসিক অৱসাদ তৎকালে দূৰ হয়। যি ব্যক্তি মানসিকভাৱে সোনকালে ভাগৰুৱা হৈ পৰে বা সকলো সময়তে উত্তেজিত বা মানসিক হেঁচাত থাকে, তেওঁলোকৰ বাবে এই আসন অতি উত্তম।

হতাশগ্রস্ততা, হিষ্টিৰিয়া, অনাহক চিন্তা,আশংকা, অনিদ্রা আদি মানসিক সমস্যাৰ পৰা সকাহ দিয়ে শৱাসনে। ইয়াৰ উপৰি ৰক্তচাপ, মধুমেহ, হৃদৰোগ আদিৰ ক্ষেত্ৰতো অতিশয় উপযোগী। মনৰ উৎকণ্ঠা, চঞ্চলতা, ভয় ভয় ভাব, উন্মাদনা ভাব আদিও ততালিকে দূৰ কৰে।

প্ৰত্যেকটো কঠিন আসন কৰাৰ পাছতো শৱাসন কৰিব লাগে। এই আসনৰ দ্বাৰা শৰীৰত শক্তিৰ সঞ্চাৰ হয়। ফলত অৱসাদৰ পৰা মুক্তি পোৱা যায়। এই আসন আপুনি সান্ধ্যকালতো কৰিব পাৰে।

You May Also Like

More From Author