ছাইনাছাইটিছ হ’লে এইখিনি কৰক

1 min read

ছাইনাছাইটিছত আক্ৰান্ত হ’লে সাধাৰণতে মূৰ-মুখমণ্ডলত বিষ অনুভৱ হয়৷ কেতিয়াবা নাকৰ পৰা ডাঠ স্ৰাৱ ওলায়৷ কেতিয়াবা ইয়াৰ ফলত জ্বৰত আক্ৰান্ত হ’ব পাৰে৷ ছাইনাছাইটিছত আক্ৰান্ত হ’লে দুৰ্বল অনুভৱ হোৱাৰ উপৰি মূৰ ঘূৰণি, দাঁত-নাক-চকু আদিৰ বিষ অনুভৱ হয়৷

ছাইনাছাইটিছ হ’লে ল’বলগা সাৱধানতা

⬛ সদায় বীজাণুৰ সংক্ৰমণ ৰোধৰ কাৰণে তৎপৰ হ’ব লাগে৷ ইয়াৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা অপৰিহাৰ্য৷ হাত দুখন সঘনাই ধোৱাৰ অভ্যাস কৰিব লাগে৷ যিহেতু হাতৰ পৰাই বেছিকৈ সংক্ৰমণ হয়৷

⬛ ধূলি-মাকতি-প্ৰদূষণ আদিৰ পৰা নিজকে বচাই ৰাখিব লাগে৷ এইক্ষেত্ৰত মাক্স ব্যৱহাৰ কৰিলে সুফল পাব পাৰি৷

⬛ ডিহাইড্ৰেশ্বন নহ’বলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে৷

⬛ ফ্ৰীজত ৰখা খাদ্য, ফাষ্ট ফুড, জাং ফুড আদি খোৱাৰ পৰা বিৰত থাকিব লাগে৷

⬛ অতি গৰম বা অতি ঠাণ্ডা খাদ্য গ্ৰহণ কৰিব নালাগে৷

⬛বেঙেনা, বিলাহী আদি এৰাই চলিব লাগে৷

⬛ নিয়মীতভাৱে শৰীৰ চৰ্চা কৰিব লাগে৷

⬛ নহৰু আৰু পিঁয়াজ নিয়মীয়াকৈ খালে ছাইন’ছাইটিছত যথেষ্ট উপকাৰ পোৱা যায়৷

⬛ তুলসী পাত গৰম কৰি তাৰ গৰম ভাৱ নাকেৰে ল’লে ছাইনাছাইটিছত যথেষ্ট আৰাম পোৱা যায়৷

⬛পাঁচ-ছয় ফোট নহৰু পিছি লৈ তাৰ গোন্ধ ল’লেও যথেষ্ট আৰাম পোৱা যায়৷

⬛ ডাল চেনিৰ গুড়ি গৰম পানীত মিহলাই কিছু সময় কপালত লগাই থ’লে ছাইনাছাইটিছৰ বাবে বন্ধ হৈ থকা নাক সহজে খোল খাই যায়৷

⬛ ছাইনাছাইটিছত আক্ৰান্ত হ’লে এইখিনি কৰাৰ লগতে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷

You May Also Like

More From Author