কঁকালৰ বিষ অতি অস্বস্তিদায়ক৷ সাধাৰণতে মেৰুদণ্ডৰ তলৰ মাজত থকা অস্থিসন্ধি বা ডিস্কৰ বাদ্ধৰ্ক্যজনিত পৰিৱৰ্তনৰ ফলত এই বিষৰ সূত্ৰপাত হয়৷ ফলত মেৰুদণ্ডৰ তলত সংবেদনশীলতাৰ পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে৷ এনে পৰিৱৰ্তন সাধাৰণতে ৩০ বছৰ অতিক্ৰম কৰাৰ পাছত আৰম্ভ হ’বলৈ ধৰে৷ কঁকালৰ বিষ নিৰাময় কৰাৰ ক্ষেত্ৰত ব্যায়াম কৰাটো জৰুৰী৷ তদুপৰি কঁকালৰ বিষৰ পৰা সাৰি থাকিবলৈ হ’লে কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত৷ উল্লেখ কৰা হ’ল তেনে কেইটামান সাৱধানতা–
– উবুৰি হৈ নুশুব৷ ফোম বা স্প্ৰীঙৰ গাদীযুক্ত বিছনা ব্যৱহাৰ নকৰিব৷ বিছনাখন ওখ আৰু টান হ’লে পাতল তুলি ব্যৱহাৰ কৰক৷
– শোৱাৰ সময়ত মেৰুদণ্ড সাধাৰণ অৱস্থাত আৰু কঁকাল পোন কৰি ৰাখিব৷
– যিসকলৰ কঁকালৰ বিষৰ সমস্যা আছে তেওঁলোকে বিছনাৰ পৰা উঠাৰ সময়ত সতৰ্ক হ’ব৷ ইয়াৰ বাবে কাটি হৈ শুই প্ৰথমে আঁঠু দুটা ভাঁজ কৰি ল’ব৷ এইবাৰ লাহে লাহে এফালে কাটি হৈ বহাৰ চেষ্টা কৰক৷ ভৰি দুখন বিছনাৰ পৰা ওলোমাই ৰাখিব৷ ইয়াৰ পাছত হাতৰ তলুৱাত ভেঁজা দি লাহে লাহে থিয় হ’ব৷
– গধুৰ বস্তু নাদাঙিব৷ বিশেষকৈ কান্ধত কোনো ওজন তুলি নল’ব৷ কোনো কাৰণত পিঠিত যদি সাধাৰণ ওজনৰ সামগ্ৰী বহন কৰিবলগা হয় তেন্তে সন্মুখৰ পিনে হাউলিহে বহন কৰিব৷
– গাড়ী চলোৱাৰ সময়ত ষ্টিয়াৰিং হুইলৰ পৰা ছিটৰ দূৰত্ব আঁতৰাই নল’ব৷ পোন হৈ গাড়ী চলাব৷
– তলৰ পৰা বা মাটিত পৰি থকা কোনো বস্তু বুটলিবলৈ হ’লে আঁঠুদুটা ভাঁজ কৰি বহাৰ ভংগীতহে বুটলিব৷
– দেহৰ ওজন নিয়ন্ত্ৰণ কৰি ৰাখিব৷ স্বাস্থ্যসন্মত খাদ্যহে খাব৷
– আধাঘণ্টাতকৈ বেছি সময় একেৰাহে থিয় হৈ বা বহি নাথাকিব৷ দীঘলীয়া সময় খোজ কাঢ়িবলগীয়া হ’লে হিলযুক্ত জোতা বা চেণ্ডেল পৰিধান নকৰিব৷
– দৈনিক দৈহিক পৰিশ্ৰম আৰু ব্যায়াম কৰিব৷ নিতৌ খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক৷
– বহি থকা চকী আৰু মেজৰ মাজত দূৰত্ব বেছি নাৰাখিব৷ সন্মুখলৈ হাউলি কাম নকৰিব৷ পৰাপক্ষত কঁকালৰ পিছফালে ভেজা দিয়াৰ চেষ্টা কৰক৷ এনেকুৱা ভংগীত বহাৰ অভ্যাস কৰক, যাতে আঁঠু আৰু উৰু মাটিৰ সমান্তৰাল হৈ থাকে৷ কোমল গাদী আৰু স্প্ৰীঙযুক্ত ছোফাত বহাৰ অভ্যাস পৰিহাৰ কৰক৷