মৰিছা শাক নিয়মীয়াকৈ খালেও পাব অনেক উপকাৰ

1 min read

যিকোনো ধৰণৰ শাক-পাচলিতেই থাকে প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান৷ সেউজীয়া শাক-পাচলি যেনে লাই শাক, পালেং, জিলমিল, ঢেকীয়া আদিত বিভিন্ন ঔষধি গুণো আছে৷ যাৰ বাবে নিয়মীয়াকৈ সেউজীয়া শাক-পাচলি খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি৷ সেউজীয়া শাক-পাচলি খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ সেউজীয়া ৰঙৰ শাক-পাচলিৰ ওপৰি ৰঙা শাক-পাচলিতো প্ৰচুৰ পৰিমাণে পুষ্টিগুণ থাকে৷ বিশেষকৈ ৩০ বছৰ বয়সৰ পৰা শৰীৰত নানা সমস্যাই দেখা দিয়ে৷ এই সমছোৱাত ৰঙা শাক খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী–

⬛ ৰঙা শাকত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়৷ সেয়েহে ৰঙা শাক নিয়মীয়াকৈ খালে চকুৰ ৰেটিনাৰ ক্ষমতা বৃদ্ধি পায়৷ ইয়াৰ ফলত দৃষ্টি শক্তি অটুট থাকে৷

⬛ ৰঙা শাকৰ ৰস নিমখৰ সৈতে খালে চুলি সৰা বন্ধ হয়৷

⬛ নিয়মীয়াকৈ খাদ্য তালিকাত ৰঙা শাক পাচলিৰ ব্যঞ্জন থাকিলে কিডনীৰ কাৰ্যক্ষমতা বৃদ্ধি পায়৷

⬛ তেজ পৰিষ্কাৰ কৰাত মৰিছাৰ দৰে ৰঙা ৰঙৰ শাকে সহায় কৰে৷

⬛ ৰঙা শাকৰ ঠাৰিৰে দাঁত ঘঁহিলে বিভিন্ন ৰোগৰ পৰা দাঁতকেইটা ৰক্ষা পৰে

⬛ ৰঙা শাক নিয়মীয়াকৈ খালে তেজত হিমগ্ল’বিনৰ পৰিমাণ বৃদ্ধি হয়৷ ৰক্তহীনতাত ভোগিলে নিয়মীয়াকৈ মৰিচা শাক, বিট আদি ৰঙা শাক পাচলি খাব লাগে৷

⬛ ৰঙা শাকৰ চুপ বনাই খালে শৰীৰত কেলচিয়ামৰ পৰিমাণ বৃদ্ধি পায়৷ যিহেতু অন্য শাকৰ তুলনাত ৰঙা শাক- পাচলিত কেলচিয়াম পৰিমাণ বেছি থাকে৷ ৰঙা শাকৰ চুপ বনোৱাৰ বাবে এমুঠি শাকৰ সৈতে এটা কেচা জলকীয়া, দুচামোচ ভিনেগাৰ, নহৰু-পিয়াজ, এচামুচ চেনি মিহলাই চুপ প্ৰস্তুত কৰিব লাগে৷

You May Also Like

More From Author